তেজপুৰ, 26 ডিচেম্বৰ: তথ্য প্ৰযুক্তিৰ দিশত দেশখন বহু আগবাঢ়ি গৈছে যদিও এতিয়াও কিছু অঞ্চলত অন্ধবিশ্বাসৰ ধাৰা অব্যাহত আছে । দেওবাৰে নিশা শোণিতপুৰ জিলাত এগৰাকী মহিলাক ডাইনীৰ সন্দেহত হত্যা কৰা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই সোমবাৰে পুনৰ জিলাখনত আন এক ডাইনীকাণ্ড সংঘটিত হয় ৷ এইবাৰ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ন মাইল অঞ্চলত ডাইনী সন্দেহত এটা দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰে গাঁৱৰ লোকে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, অসম-অৰুণাচল সীমান্তৰ চটাই ন মাইল গাঁৱত ষাঠী উৰ্দ্ধৰ এটা দম্পতীৰ বিৰুদ্ধে ডাইনীৰ অভিযোগ তুলি গাঁওখনৰ ৰাইজে পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বাৰীৰ সকলো গছ কাটি তহিলং কৰে ৷ আনকি ইয়াতে ক্ষান্ত নাথাকি গাঁওখনৰ পৰা পৰিয়ালটোক খেদি পঠিয়াই ৰাইজে ৷
উল্লেখ্য যে, অঞ্চলটোত বিগত ৫ বছৰৰ পূৰ্বে মাটি ক্ৰয় কৰি বাস কৰি আছিল দম্পতীটো ৷ দিনহাজিৰা কৰি যেনে তেনে পৰিয়ালটোৱে পেটেভাতে খাই জীৱন নিৰ্বাহ কৰি আছিল ৷ তাৰ পিচতেই সোমবাৰে পুৱা বৈশিষ্ঠ বসুমতাৰী নামৰ এজন লোকে গাঁৱৰ লোক মাতি আনি দম্পতীটোক ডাইনী বুলি মানি ল’বলৈ বাধ্য কৰায় ৷ তাৰ পিচতেই গাঁৱৰ ৰাইজে পৰিয়ালটোৰ ঘৰ-দুৱাৰ ধ্বংস কৰি ঘৰৰ সামগ্ৰীসমূহ পথৰ দাঁতিত পেলাই ভাঙি চুৰমাৰ কৰে ৷ তাৰ পিচতে গাঁৱৰ ৰাইজে দম্পতীটোক গাঁৱৰ পৰা খেদি পঠিয়াই ৷