তেজপুৰ , ১৮ জুলাই: শোণিতপুৰ জিলাত মুঠ ৮৯ খন গাঁও এই পৰ্যন্ত বানৰ কবলত যদিও বৰ্তমান পানী কিছু পৰিমাণে কমিছে ৷ ব্ৰহ্মপুত্ৰ নদীয়ে গনেশঘাটত 0.60 মিটাৰ বিপদ সীমাৰ ওপৰৰে আৰু জীয়াভৰলী নৈ 0.72 মিটাৰ আৰু বেলশিৰী নৈ 0.02 মিটাৰৰে বৈ আছে ।
শোণিতপুৰত 89 খন গাঁও বানৰ কবলত - 89 vilagee
জিলা প্ৰশাসনে বিভিন্ন স্থানত খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য আৰু খোৱা পানীৰ পেকেট যোগান ধৰিছে ৷ জিলাখনত মুঠ 114088 জন লোক আৰু 1235.7হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে ।
শোনিতপুৰত 89 খন গাঁও বানৰ কবলত
জিলা প্ৰশাসনে বিভিন্ন স্থানত খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য আৰু খোৱা পানীৰ পেকেট যোগান ধৰিছে ৷ জিলাখনত মুঠ 114088 জন লোক আৰু 1235.7হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে । ইয়াৰ বিপৰীতে জিলাখনৰ 29 টা আশ্ৰয় শিবিৰ আৰু 7 টা বান সাহায্য় শিবিৰত 1510.774 কুণ্টল চাউল, 302.449 কুইণ্টল দাইল, 30.281 নিমখ , 1705.53 কুইণ্টল পশুধনৰ খাদ্য আৰু 350 খন তিৰ্পাল বিতৰণ কৰে ৷ আনহাতে বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা সেনা , এনডিআৰএফ আৰু এছডিআৰএফে 1126 জন বানাক্ৰান্তক উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।