অসম

assam

ETV Bharat / state

চাৰিদুৱাৰত 12 অসম ৰাইফলছে বিতৰণ কৰিলে মাস্ক,হেণ্ডগ্লোভচ

বালিপৰাৰ মহিলা শক্তি কেন্দ্ৰ নামৰ বেচৰকাৰী সংগঠনটোক অঞ্চলটোৰ ৰাইজক বিতৰণ কৰিবৰ বাবে এই সামগ্ৰীসমুহ প্ৰদান কৰে অসম ৰাইফলছ বেটেলিয়নে ৷

By

Published : Apr 17, 2020, 8:57 PM IST

12 Assam rifles battalions distributed mask, hand gloves at Sariduwar
চাৰিদুৱাৰত 12 অসম ৰাইফলছে বিতৰন কৰিলে মাস্ক,হেণ্ডগ্লোভচ

তেজপুৰ, 17 এপ্ৰিল: সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক ৷ এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন নিয়মাৱলীৰ কথা প্ৰকাশ কৰিছে দেশৰ স্বাস্থ্য বিভাগে ৷ লগতে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আৰ্তজনক সহায়ৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে ৷ তাৰ মাজতে শুকুৰবাৰে চাৰিদুৱাৰস্থিত 12 অসম ৰাইফলছ বেটেলিয়নৰ তৰফৰ পৰা বিতৰণ কৰা হয় মাস্ক,হেণ্ডগ্লভছ, চেনিটাইজাৰকে আদি কৰি বিভিন্ন সামগ্ৰী ৷ বালিপৰাৰ মহিলা শক্তি কেন্দ্ৰ নামৰ বেচৰকাৰী সংগঠনটোক অঞ্চলটোৰ ৰাইজক বিতৰণ কৰিবৰ বাবে এই সামগ্ৰীসমুহ প্ৰদান কৰে অসম ৰাইফলছ বেটেলিয়নে ৷

চাৰিদুৱাৰত 12 অসম ৰাইফলছে বিতৰন কৰিলে মাস্ক,হেণ্ডগ্লোভচ

আনহাতে ইয়াৰ পাছতো আগন্তুক সময়ত প্ৰয়োজন সাপেক্ষে এনেদৰে ১২ অসম ৰাইফলচ ৰাইজক সহায় কৰিবলৈ প্ৰস্তুত আছে বুলি জনাই বেটেলিয়নটোৰ উচ্চপদস্ত বিষয়াই ৷

লগতে পঢ়কঃ বিশ্বনাথত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

ABOUT THE AUTHOR

...view details