ঢেকীয়াজুলি, 18 জুন : চৰকাৰে পৰিৱৰ্তনৰ তথা উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে ঢেকীয়াজুলিত মৃত্যুমুখত মৃত্যুঞ্জয় সেৱা ৷ ঢেকীয়াজুলি মহকুমাৰ ঢেকীয়াজুলি আৰু বৰছলা দুটাকৈ সমষ্টিক সংলগ্ন কৰি ৰখা দুখনকৈ ১০৮ এম্বুলেঞ্চ আজি পৰ্যন্ত বিকল হৈ থকাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে ৷ দুয়োখন এম্বুলেঞ্চেই বহু বছৰ ধৰি মেৰামতিৰ বাবে পৰিত্যক্ত অৱস্থাত গেৰেজত পৰি ৰোৱাত তৎকালীন অৱস্থাত হাস্পতাললৈ ৰোগী নিয়াত অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজে ৷ সেয়েহে অতি শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চ দুখন ৰাইজৰ বাবে পুনৰ মুকলি কৰিবলৈ আহ্বান ৰাইজৰ লগতে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ ৷
ঢেকীয়াজুলিত মৃত্যুমুখত মৃত্যুঞ্জয় সেৱা - 108 ambulance service
ঢাক-ঢোলতে সীমাৱদ্ধ চৰকাৰৰ উন্নয়ন ৷ বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চ ৷
মৃত্যুমুখত মৃত্যুঞ্জয় সেৱা