অসম

assam

ETV Bharat / state

শিৱসাগৰত মহিলাৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ !

শিৱসাগৰৰ ডিমৌমুখত ৰহস্যজনক ভাৱে চীপ লৈ থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ ইফালে মহিলা গৰাকীক স্বামী তেবাৰুল আলিয়ে হত্যা কৰি চীপ দি ওলোমাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

women-deadbody-found-in-sivsagar
শিৱসাগৰত মহিলাৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ !

By

Published : Apr 7, 2021, 5:10 PM IST

শিৱসাগৰ, 7 এপ্ৰিল :শিৱসাগৰৰ ডিমৌমুখত বুধবাৰে ৰহস্যজনক ভাৱে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ শোৱনী কোঠাতে উদ্ধাৰ হয় তিনি সন্তানৰ মাতৃ চাজিনা বেগম(২৮) নামৰ মহিলা গৰাকীৰ মৃতদেহ ।

ইপিনে সাত মহীয়া কেঁচুৱা সন্তান থকা মহিলা গৰাকীক স্বামী তেবাৰুল আলিয়ে হত্যা কৰি চীপ দি ওলোমাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে চাজিনা বেগমৰ আত্মীয়-স্বজনে ।

শিৱসাগৰত মহিলাৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ !
১০ বছৰ পূৰ্বে শিৱসাগৰ বাগলহাবি গাঁৱৰ পৰা ডিমৌমুখৰ তাবাৰুল আলিলৈ বিয়া হৈছিল চাজিনা বেগম ।

দীৰ্ঘদিনৰে পৰা স্বামীয়ে শাৰীৰিক মানসিক নিৰ্যাতন চলাই অহাত ইতিপূৰ্বে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল জানিবলৈ দিয়ে মৃত মহিলাগৰাকীৰ ভাতৃ আৰু সম্বন্ধীয় বৌৱেকে । মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এতিয়া উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

শিৱসাগৰত মহিলাৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ !

ইফালে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন চুইচাইড নোটো উদ্ধাৰ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

আনহাতে মৃত মহিলাগৰাকীৰ স্বামী আৰু শাহুয়েকে হত্যাৰ অভিযোগ অস্বীকাৰ কৰাৰ লগতে দীৰ্ঘদিনৰে পৰা চাজিনা বেগম স্নায়ু আৰু মানসিক ৰোগত আক্ৰান্ত হৈ আছিল বুলি দাবী কৰিছে ।

লগতে পঢ়ক: ৰঙিয়া নিৰ্বাচনৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details