আমগুৰি, 11 জানুৱাৰী :অসমীয়াত এশাৰী আপ্তবাক্য আছে, ‘‘সাত পো সাত নাতি, তেহে কৰিবা বৰ্তমান কুঁহিয়াৰ খেতি’’ ৷ অৰ্থাৎ, কুঁহিয়াৰ খেতিৰ বাবে যথেষ্ট পৰিমাণে প্ৰয়োজন হয় শ্ৰমৰ ৷ সেয়ে কম সংখ্যক লোকেহে এই খেতি কৰা পৰিলক্ষিত হয় ৷
এসময়ত অসমৰ নগাঁও, গোলাঘাট, কাৰ্বি আংলং, শিৱসাগৰ, যোৰহাট আদি জিলাসমূহৰ গ্ৰামাঞ্চলত কুঁহিয়াৰ খেতি কৰি গুৰৰ উৎপাদন কৰা হৈছিল ৷ কিন্তু বৰ্তমান সময়ত অসমত কুঁহিয়াৰ খেতিৰ প্ৰতি কৃষকৰ অনীহা অহা পৰিলক্ষিত হৈছে (Jaggery production from sugarcane) ৷ ইয়াৰ মূল কাৰণ হৈছে, এই খেতিত প্ৰয়োগ হৈ থকা পুৰণিকলীয়া কৃষি পদ্ধতি ।
অসমীয়া সমাজত খাদ্যসামগ্ৰী হিচাপে গুৰৰ প্ৰয়োগৰ আছে এক পুৰণি পৰম্পৰা ।
চেনিৰ বিকল্প হিচাপে চাহৰ উপৰিও বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা আদিত ইয়াৰ প্ৰয়োগ ঘটাই খাদ্য সামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰা হয় । সাধাৰণতে গ্ৰামাঞ্চলত গুড়ৰ প্ৰয়োগ বেছি হোৱা পৰিলক্ষিত হয় ৷ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগতো এই খেতিৰ আছে পোনপটিয়া সম্পৰ্ক ৷
থলুৱা পদ্ধতিৰে প্ৰস্তুত গুৰ সাধাৰণতে অসমত থলুৱা পদ্ধতিৰে প্ৰস্তুত হৈ আহিছে গুৰৰ উৎপাদন (Traditionally making jaggery) ৷ কিন্তু পূৰ্বৰ তুলনাত এতিয়া ৰাজ্যত কমি গৈছে কুঁহিয়াৰৰ খেতি (Sugarcane cultivation has come down in Assam) ৷ সেয়েহে বহিঃৰাজ্যৰ পৰা ৰপ্তানী কৰা গুৰেৰে পূৰণ কৰিব লগা হৈছে চাহিদা ৷
অসমৰ বাপতি-সাহোন ৰঙালীয়েই হওক অথবা ভোগালী ৷ প্ৰতিটো বিহুৰ সময়ত তৈয়াৰী জলপান, পিঠা-পনা আদি ব্যঞ্জন প্ৰস্তুতৰ ক্ষেত্ৰত গুৰৰ আছে বিশেষ গুৰুত্ব ৷ পূৰ্বে অসমৰ গ্ৰামাঞ্চলৰ অধিকাংশ লোকে কম বেছি পৰিসৰত কুঁহিয়াৰৰ খেতি কৰিছিল যদিও গ্ৰাম্য জীৱনৰ বাবে বৰ্তমান এয়া এক ইতিহাস মাথো ৷
অৱশ্যে এতিয়াও কোনো কোনো স্থানত এই খেতি কৰা হয় যদিও সেয়া একেবাৰে সীমিত ৷ আজি আমি আপোনালোকক এনে এখন গাঁৱলৈ লৈ যাম, য’ত আজিও পূৰ্বৰ সেই পৰম্পৰা অক্ষুন্ন ৰাখি থলুৱা পদ্ধতিৰে গাঁওবাসীয়ে কৰি আহিছে কুঁহিয়াৰ খেতি ৷
আমি ক’বলৈ লোৱা সেই গাঁওখন হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ ন-পাম বেলিমুখীয়া গাঁও ৷ গাঁওখনৰ প্ৰায় বিশটা পৰিয়ালে ব্যৱসায়িক ভিত্তিক কৰি আহিছে কুঁহিয়াৰ খেতি (Villagers in Amguri traditionally made jaggery ) ৷ নিজৰ বামমাটিত কৰা খেতিডৰাৰ পৰা কুঁহিয়াৰ কাটি আনি শালত পেৰি জালিগাঁতত জুই দি থালিত কুঁহিয়াৰ ৰস ঢালি দিয়ালৈকে, সম্পূৰ্ণ থলুৱাভাৱে গুৰ প্ৰস্তুত কৰি আহিছে ন-পাম বেলিমুখীয়া গাঁৱৰ একাংশ কৃষকে ।
ইফালে ভোগালী বিহু সমাগত ৷ ভোগালীৰ প্ৰাকক্ষণত গাঁওখনৰ ৰাইজক সুস্বাদু গুৰ যোগান ধৰিবৰ বাবে এতিয়া তৎ নাইকিয়া হৈছে গাঁৱৰ একাংশ কৃষকৰ ৷ থালিৰ পৰা পকা ৰস, গুৰ উলিয়াই ভাগে ভাগে বনাইছে টুপুলা ৷ কলহে কলহে ভৰাই আত্মীয় স্বজনলৈ পঠাব একোটিকৈ গুৰৰ কলহ ৷
যি সময়ত একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত ভেজাল গুৰ বিক্ৰী কৰি অধিক মুনাফা কৰি আহিছে, তেনে সময়ত আমগুৰিৰ এইসকল গঞা লোকে সম্পূৰ্ণ থলুৱা পদ্ধতিৰে প্ৰস্তুত কৰি আহিছে গুৰ ৷ অধিক শ্ৰমৰ প্ৰয়োজন অথবা পুৰণিকলীয়া কৃষি পদ্ধতিৰ বাবে ৰাজ্যত গুৰৰ উৎপাদন কমি অহাৰ বিপৰীতে আমগুৰিৰ ন-পাম বেলিমুখীয়া গাঁওবাসীয়ে এই ধাৰা অব্যাহত ৰখা কাৰ্য অতিকৈ প্ৰশংসনীয় ৷
লগতে পঢ়ক :Tips for better health: এই বছৰ সুস্থ হৈ থকাৰ ১০ উপায়