নাগালেণ্ডত উদ্ধাৰ অসমৰ চুৰি বাহন - শিৱসাগৰ
যোৰহাটৰ পৰা চুৰি বাহন নাগালেণ্ডত উদ্ধাৰ ৷ অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে বাহনখন ৷
শিৱসাগৰ,26 এপ্ৰিল: অসম আৰক্ষীৰ বিশেষ সফলতা ৷ সোণাৰি আৰু যোৰহাট আৰক্ষীয়ে নগালেণ্ড আৰক্ষীৰ সহযোগত নাগালেণ্ডৰ মন জিলাৰ লাপা বস্তিৰ পৰা উদ্ধাৰ কৰে এখন চুৰি বাইক । যোৱা 20 এপ্ৰিলত যোৰহাট নিবাসী শিৱ দত্তৰ AS03U0327 নম্বৰৰ বাজাজ ভি বাইকখন এটা চোৰৰ দলে চুৰি কৰি নাগালেণ্ডত প্ৰৱেশ কৰাৰ পাচতে যুদ্ধ বিৰতিত থকা এন এচ চি এনৰ দলে ৰাইজৰ সহযোগত জব্দ কৰে বাইকখন । তাৰপাচত শুকুৰবাৰে বাইকখনৰ গৰাকী শিৱ দত্তই অসম আৰক্ষী আৰু নগা আৰক্ষীৰ সহযোগত এন এচ ছি এনৰ কেডাৰক আৰু স্থানীয় নগা ৰাইজে বাইকৰ কাগজ পত্ৰ প্ৰদৰ্শন কৰি বাইকখন চমজি লয় । উল্লেখ্য যে, অসংখ্য চোৰৰ চক্ৰয়ে বহু চুৰি বাহন অসমৰ পৰা নগালেণ্ডলৈ প্ৰেৰণ কৰি সুদীৰ্ঘ দিন ধৰি এক ৰমৰমীয়া ব্যৱসায় কৰি থকাৰ এক অভিযোগো বিভিন্ন সময়ত উত্থাপন হৈছে ৷