অসম

assam

By

Published : Apr 27, 2020, 5:28 PM IST

ETV Bharat / state

অবৈধ পাচলি নষ্ট কৰাৰ নিৰ্দেশ শিৱসাগৰ জিলা প্ৰশাসনৰ

২৩ এপ্ৰিল তাৰিখে শিৱসাগৰ নগৰৰ ৰংঘৰ চাৰিআলিৰ সমীপৰ দুৱৰণী আলিত চোৰাংভাৱে সৰবৰাহ কৰি মজুত ৰখা অবৈধ পাচলি জব্দ কৰিছিল শিৱসাগৰ জিলা প্ৰশাসনে। সেয়েহে এই অবৈধ চক্ৰসমূহক নিয়ন্ত্ৰণ কৰিবৰ বাবে ব্যাপক তালাচী অভিযান আৰম্ভ কৰে জিলা প্ৰশাসনে। লগতে জব্দকৃত পাচলিসমূহ নষ্ট কৰা বুলি জানিবলৈ দিয়ে ৷

অবৈধ পাচলি নষ্ট কৰাৰ নিৰ্দেশ শিৱসাগৰ জিলা প্ৰশাসনৰ
অবৈধ পাচলি নষ্ট কৰাৰ নিৰ্দেশ শিৱসাগৰ জিলা প্ৰশাসনৰ

শিৱসাগৰ, 27 এপ্ৰিল: শিৱসাগৰত ৰেড জ'ন অঞ্চলৰ পৰা অহা পাচলিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। জিলাখনত পাচলি সৰবৰাহ আৰু ক্ৰয়-বিক্ৰয় কৰিবৰ বাবে একাংশ পাচলি ব্যৱসায়ীকহে অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে । এই ব্যৱসায়ীসকলৰ বাহিৰে আন কোনো লোকে অন্য জিলাৰ পৰা পাচলি সৰবৰাহ কৰিব নোৱাৰে ।

অবৈধ পাচলি নষ্ট কৰাৰ নিৰ্দেশ শিৱসাগৰ জিলা প্ৰশাসনৰ

কিন্তু লক ডাউনৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে জিলাখনলৈ ৰেড জ'ন অঞ্চলৰ পাচলি সৰবৰাহ কৰিছে বুলি জানিব পৰা গৈছে । সেয়েহে অবৈধ চক্ৰসমূহক নিয়ন্ত্ৰণ কৰিবৰ বাবে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে প্ৰশাসনে ।

অবৈধ পাচলি নষ্ট কৰাৰ নিৰ্দেশ শিৱসাগৰ জিলা প্ৰশাসনৰ

শিৱসাগৰ জিলা প্ৰশাসন,অসামৰিক যোগান বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই 23 এপ্ৰিলত ৰংঘৰ চাৰিআলিৰ সমীপৰ দুৱৰণী আলিত মাইনা নামৰ এজন লোকৰ গুদামৰ পৰা প্ৰায় 27 কুইণ্টল অবৈধ পাচলি জব্দ কৰে। লগতে কলিয়াবৰৰ চামচুল হক নামৰ পাচলি সৰবৰাহ কৰা লোকজনকো জিম্মাত লৈছিল প্ৰশাসনে ।

অবৈধ পাচলি নষ্ট কৰাৰ নিৰ্দেশ শিৱসাগৰ জিলা প্ৰশাসনৰ

পৰৱৰ্তী সময়ত প্ৰশাসনে এই পাচলিসমূহ পৰীক্ষা কৰাত খাদ্যৰ অনুপযোগী বুলি প্ৰমাণিত হোৱাত শিৱসাগৰ জিলাৰ উপায়ুক্তই পাচলিসমূহ নষ্ট কৰাৰ আদেশ জাৰি কৰে । সেই অনুসাৰে সোমবাৰে শিৱসাগৰ পৌৰসভাৰ সহযোগত জব্দকৃত পাচলিসমূহ নষ্ট কৰা বুলি জিলা দণ্ডাধীশ পংকজ বৰাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : গুৱাহাটীৰ পৰা পদযাত্ৰা কৰা শ্ৰমিকক শ্ৰীৰামপুৰত কোৱাৰেন্টাইন

ABOUT THE AUTHOR

...view details