শিৱসাগৰ,17 ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনত থকা কুইপ' তৈল কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰী ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ বাবে আলফা স্বাধীনে ধাৰ্য কৰা দিন ইতিমধ্যে উকলি গৈছে । আলফাৰ তৰফৰ পৰা যোৱা ২৭ জানুৱাৰী তাৰিখে প্ৰচাৰ সচিব ৰুমেল অসম স্বাক্ষৰিত এক পত্ৰত বিষয়া দুগৰাকীৰ মুক্তিৰ অন্তিম সময়সীমা প্ৰদান কৰা হৈছিল । উক্ত বিবৃতিত আলফাই ১৬ ফেব্ৰুৱাৰীত মুক্তিপণ প্ৰদানৰ অন্তিম দিন বুলি ঘোষণা কৰি উক্ত দিনৰ ভিতৰত কুইপ’ কোম্পানীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে ১৭ ফেব্ৰুৱাৰীত ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি চৰম সকীয়নি প্ৰদান কৰিছিল ।
লগতে কুইপ’ কোম্পানীক অসমৰ লগতে পশ্চিম-দক্ষিণ পূৱ এছিয়াত আলফাই নিষিদ্ধ ঘোষণা কৰি এই কোম্পানীৰ লগত জড়িত থলুৱা লোক তথা প্ৰতিষ্ঠান সমূহক জীৱিকাৰ বিকল্প পথ বাচি ল’বলৈ আহ্বান জনাইছিল । উক্ত বিবৃতিত শোষণৰ স্বাৰ্থত অইল ইণ্ডিয়া কোম্পানীক তৈলক্ষেত্ৰসমূহ বিদেশী তথা থলুৱা কোম্পানীক প্ৰদান কৰাৰ প্ৰক্ৰিয়া তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ লগতে ভাৰতীয় শোষণৰ সহযোগীৰূপে এই কোম্পানীসমূহক অভিহিত কৰি পৰৱৰ্তী সময়ত এনে কোম্পানীৰ বিৰুদ্ধে আলফাই বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি, ব্যৱস্থা গ্ৰহণৰ সময়ত থলুৱা নে বিদেশী অথবা কৰ্তব্যৰত হয় নে নহয় এইসমূহ বিবেচনা নকৰে বুলি স্পষ্ট কৰি দিছিল ।