শিৱসাগৰ, 10 আগষ্টঃ ডিমৌত আলফা (স্বা) এজন সদস্যৰ লগতে দুই লিংক মেন আটক । আটকাধীন আলফা সদস্যৰ পৰা উদ্ধাৰ গ্ৰেণেড । ঘটনাক লৈ আতংকিত স্থানীয় ৰাইজ । উল্লেখ্য যে, সমগ্ৰ জিলাতে স্বাধীনতা দিৱসৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা বাহাল থকা সময়তে ডিমৌ সমীপৰ বকতা বৰপিয়ালৰ পৰা আলফা (স্বাধীন)ৰ এজন যুৱকক আটক কৰাৰ উপৰিও দুজনকৈ লিংক মেন আৰক্ষীয়ে কৰায়ত্ব কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতে আতংকৰ সৃষ্টি কৰিছে ।
ডিমৌত আলফা কেডাৰসহ আটক দুই লিংকমেন - ডিব্ৰুগড়
গোপন সূত্ৰৰ ভিত্তিতে শিৱসাগৰ জিলা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে শুক্ৰবাৰে পুৱতি নিশা বকতা বৰপিয়ালৰ গিৰিন তামুলী নামৰ এজন ব্যক্তিৰ ঘৰত শুই থকা অৱস্থাত আলফা সদস্যজনক আটক কৰিবলৈ সক্ষম হয় ৷
গোপন সূত্ৰৰ ভিত্তিতে শিৱসাগৰ জিলা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে শুক্ৰবাৰে পুৱতি নিশা বকতা বৰপিয়ালৰ গিৰিন তামুলী নামৰ এজন ব্যক্তিৰ ঘৰত শুই থকা অৱস্থাত আলফা সদস্যজনক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে সদস্যজনৰ পৰা জব্দ কৰে এটা গ্ৰেণেড সহ তিনিটা ম'বাইল ফোন ৷ তাৰোপৰি একে সময়তে লিংক মেন জিতুমন ওৰফে বাবু তামুলী আৰু আন এজন লিংক মেন অৰুণ ৰাইদঙীয়াকো দলটোৱে আটক কৰে ৷
আনহাতে, আৰক্ষী আৰু অৰ্ধসমৰিক বাহিনীৰ হাতত আটক হোৱা আলফা (স্বাধীন) ৰ সদস্যজন ডিব্ৰুগড় জিলাৰ মৰাণ বেজপথাৰৰ বিৰেন চেতিয়া বুলি জানিব পৰা গৈছে । স্বাধীনতা দিৱসত কুটাঘাটৰ উদ্দেশ্যেৰে আলফা সদস্য বীৰেন চেতিয়াই ডিমৌত বাহৰ পাতিছিল বুলি সন্দেহ কৰা হৈছে । ইয়াৰ উপৰিও ডিমৌৰ বিভিন্ন অঞ্চলত আলফা (স্বা) ৰ সদস্যৰ সন্ধানত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব দিয়ে ।