অসম

assam

ETV Bharat / state

সময়োপযোগী বীজাণুনাশক চাইকেল উদ্ভাৱন শিৱসাগৰৰ যুৱকৰ - বীজাণুনাশক চাইকেল

কৰ'ণা মহামাৰীৰ সৈতে যুঁজ দিবলৈ সময়োপযোগীকৈ এখন বীজাণুনাশক চাইকেল উদ্ভাৱন কৰে শিৱসাগৰৰ অভিজিৎ দুৱৰা নামৰ যুৱক এগৰাকীয়ে ৷

বিজানুনাশক যন্ত্ৰ সংস্থাপিত চাইকেল
বিজানুনাশক যন্ত্ৰ সংস্থাপিত চাইকেল

By

Published : Jun 21, 2020, 3:01 PM IST

শিৱসাগৰ, 21 জুনঃ COVID-19ৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বাবে শিৱসাগৰৰ অভিজিৎ দুৱৰা নামৰ এগৰাকী যুৱকে উদ্ভাৱন কৰি উলিয়াইছে এখন চাইকেল ৷ য'ত সংস্থাপিত হৈ আছে বীজাণুনাশক স্প্ৰে যন্ত্ৰ ৷ উদ্ভাৱক যুৱকগৰাকীয়ে জানিব দিয়া অনুসৰি, এই চাইকেলখন চলাই গৈ থাকিলে সেই স্থানসূহত বীজাণুনাশক স্প্ৰে কৰি গৈ থাকিব ৷ সময়োপযোগীকৈ নিৰ্মাণ কৰা এই চাইকেলৰ সহায়ত পৰিৱেশ বীজাণুমুক্ত কৰাত যথেষ্ট সহায়ক হ'ব ৷

15-20 কিলোগ্ৰাম ওজনৰ পাত্ৰৰে অতি কষ্টকৰভাৱে ছেনিটাইজেশ্যন কৰা লোকৰ বাবে এই চাইকেলখন সহায়ক হ'ব বুলি উল্লেখ কৰে যুৱকগৰাকীয়ে ৷ তেওঁলোকৰ কষ্ট হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি যুৱক গৰাকীয়ে এই চাইকেলখন উদ্ভাৱন কৰা বুলি জানিবলৈ দিয়ে ৷ এই চাইকেলখন 12 ভল্ট বেটাৰীযুক্ত, য'ত পাম্প আৰু গৰমত ব্যৱহাৰ কৰিব পৰাকৈ এখন ফেন আছে ৷ লগতে লাইট সংযুক্ত হৈ আছে নিশা চেনিটাইজেশ্যনৰ সহায়ত সুবিধা হ'ব পৰাকৈ আৰু মনোৰঞ্জন প্ৰদান কৰিব পৰাকৈ গীত শুনিব পৰা ব্যৱস্থাও আছে ৷

সময়োপযোগী বীজাণুনাশক চাইকেল উদ্ভাৱন শিৱসাগৰৰ যুৱকৰ

এই চাইকেলখন উদ্ভাৱন কৰোত যুৱকজনৰ এসপ্তাহ সময় লগা বুলি উল্লেখ কৰে ৷ যুৱকজনে জানিবলৈ দিয়া অনুসৰি, পেলনীয়া সামগ্ৰীৰে এই চাইকেলখন নিৰ্মাণ কৰা বাবে ব্যয়ৰ মাত্ৰা কিছু হ্ৰাস হৈছে যদিও, নতুন সামগ্ৰীৰে এনে যন্ত্ৰ বনাবলৈ হ'লে প্ৰায় 30 হাজাৰ ব্যয়ৰ প্ৰয়োজন হয় ৷ উল্লেখ্য যে, পূৰ্বেও যুৱকগৰাকীয়ে ভাইৰাছ ফাইটাৰ (ভি ফাইটাৰ) নামেৰে তিনিটা যন্ত্ৰ সাজি উলিয়াইছিল ৷ যাৰ নামাকৰণ ভি ফাইটাৰ 1,2,3 হিচাপে কৰা হৈছিল ৷ সদ্যনিৰ্মিত এই চাইকেলখনৰ তেওঁ ভি ফাইটাৰ 4 হিচাপে নামাকৰণ কৰে ৷

লগতে পঢ়কঃমানৱতাৰ বাৰ্তা লৈ মুক্ত আকাশত দুষ্পাপ্য শেন চৰাই

ABOUT THE AUTHOR

...view details