অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰপতিলৈ স্বেচ্ছা মৃত্যুৰ আবেদন প্ৰেৰণ ১৫৩০ গৰাকী শিক্ষকৰ! - সদৌ অসম বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থা

বিগত 20 বছৰে বেতনৰ পৰা বঞ্চিত হৈ থকা ১৫৩০ গৰাকী প্ৰাথমিক শিক্ষকে ২১ জানুৱাৰীত ৰাষ্ট্ৰপতিলৈ স্বেচ্ছা মৃত্যুৰ পত্ৰ প্ৰেৰণ কৰিব বুলি সংবাদমেলত উল্লেখ কৰে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থাই ৷

ৰাষ্ট্ৰপতিলৈ স্বেচ্ছা মৃত্যুৰ আবেদন ১৫৩০ গৰাকী শিক্ষকৰ!
TEACHER PRESS MEET_sibsagor

By

Published : Jan 7, 2020, 11:32 AM IST

শিৱসাগৰ,7 জানুৱাৰী :২০১২ চনৰ পৰা বেতন বঞ্চিত ১৫৩০ গৰাকী প্ৰাথমিক শিক্ষকে ২১ জানুৱাৰীত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব স্বেচ্ছা মৃত্যুৰ আবেদন ৷ ২০ জানুৱাৰীৰ ভিতৰত চৰকাৰে বেতন বঞ্চিত শিক্ষকসকলৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে শিক্ষক সমাজে সাব্যস্ত কৰিব প্ৰতিবাদ ৷ মঙলবাৰে শিৱসাগৰত সদৌ অসম বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থাই এখন সংবাদমেল সম্বোধন কৰি চৰকাৰক 20 জানুৱাৰীলৈ সময়সীমা বান্ধি দি এইদৰে মন্তব্য কৰে ৷

ৰাষ্ট্ৰপতিলৈ স্বেচ্ছা মৃত্যুৰ আবেদন প্ৰেৰণ ১৫৩০ গৰাকী শিক্ষকৰ!

উল্লেখ্য যে, 2012 চনৰ পৰাই ১৫৩০ গৰাকী প্ৰাথমিক শিক্ষকে বঞ্চিত হৈ আছে বেতনৰ পৰা ৷ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বিজেপি চৰকাৰ হলে শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে বেতনসমূহ আদায় দিব বুলি বিজেপি চৰকাৰে আশ্বাস দিছিল ,যদিও আজি পৰ্যন্ত চৰকাৰে শিক্ষকসকলক আদায় নিদিলে প্ৰাপ্ত ধন ৷ যাৰ বাবে শিক্ষকসলক ক্ষোভিত হৈ 20 জানুৱাৰীৰ ভিতৰত চৰকাৰক স্থিতি স্পষ্টি কৰিবলৈ সময়সীমা বান্ধি দিয়ে ৷ অন্যথা ৰাজ্যত ভয়াবহ আন্দোলন গঢ়ি তোলাৰ লগতে ২১ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্বেচ্ছা মৃত্যু বিচাৰি আবেদন জনাব বুলি সংবাদমেলত উল্লেখ কৰে শিক্ষক সন্থাই ৷ ইফালে, শিৱসাগৰৰ বহু কেইখন নিৰ্বাচনী সভাত মন্ত্ৰী শিক্ষকসকলৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈ শিক্ষকসকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে ৷

অন্য এক খবৰৰ বাবে : ৰাজ্যত ৩ লাখ ১২ হাজাৰ ভূৱা শিক্ষাৰ্থী চিনাক্ত

আনহাতে, ২০১২ চনৰ মাৰ্চ মাহৰ পৰা বেতন লাভ নকৰাৰ বাবে শিক্ষক সমাজে বহু সমস্যাৰ সন্মুখীন হয় ৷ ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি বহু শিক্ষকৰ মৃত্যু হয় বুলিও সংবাদমেলত মন্তব্য কৰে বেতন বঞ্চিত শিক্ষকসকলে ৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিয়াৰ বাবে দিন হাজিৰা কৰিবলগীয়া হয় ৷ শিক্ষকসকলৰ এনে পৰিস্থিতিৰ বাবে শিক্ষক সমাজে ৰাষ্ট্ৰপতিলৈ স্বেচ্ছা মৃত্যুৰ আবেদন প্ৰেৰণ কৰিব বুলি সিদ্ধান্ত লয় ৷

ABOUT THE AUTHOR

...view details