শিৱসাগৰ, 31 অক্টোবৰ :শিৱসাগৰৰ পৰ্যটন ভৱনৰ সভাগৃহত মঙলবাৰে টাই আহোম যুৱ পৰিষদৰ নেতাই সম্বোধন কৰে এক সংবাদমেলৰ ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত টাইপাই অনুষ্ঠিত কৰে এই সংবাদমেল ৷ বছৰ বছৰ ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰি অহাৰ পাচতো কংগ্ৰেছ বা বিজেপি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিলে সংগঠনটোৱে ৷
তেওঁলোকে কয়, ‘‘অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী দীৰ্ঘদিন ধৰি আমি উত্থাপন কৰি আহিছো ৷ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজনৈতিক দলসমূহে ৷ যেতিয়া শাসনৰ গাদীত বহে তেতিয়া প্ৰতিশ্ৰুতিৰ কথা পাহৰি যায় ৷ সেয়া লাগিলে কংগ্ৰেছেই হওঁক বা বিজেপিয়েই হওঁক ৷ আমাক লৈ তেওঁলোকে ল’ৰা-ধেমালি কৰিছে ৷’’
প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল তেতিয়া দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি সংগঠনটোৰ নেতাই কয়, ‘‘ ক্ষমতালৈ অহাৰ স্বাৰ্থতে জনজাতিকৰণৰ আমাক প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে ৷ কিয়নো বিজেপিয়ে জানে, উজনি অসমৰ কেইবাটাও সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰে আহোমসকলে ৷ সেয়ে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছিল ৷ সেই কথাত ভোল গৈ আমিও তেওঁলোকক ভোট দিছিলোঁ ৷’’