মৰাণ,5 জানুৱাৰী: স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো মৰাণ বিধানসভা সমষ্টি আৰু থাওৰা সমষ্টি সংযোগী ডিমৌ কিনাৰত ডিমৌ নদীৰ এখন দলং নিৰ্মাণ নহ'ল । ৰাইজে বাঁহৰ সাঁকোৱেদি অতি ভয়ানক ভাৱে যাতায়ত কৰি অহাৰ পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বিপৰীতে ডিমৌ কিনাৰ গাঁৱৰ হৰেশ্বৰ বাইলুং নামৰ বিশেষ ভাৱে সক্ষম ব্যক্তিজনে ডিমৌ নদীত নিজৰ সাঁচতীয়া গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰি উলিয়ালে এখন বিশেষ দলং । ২০২০ চনৰ পৰা দলং খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি মঙলবাৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া দলংখন বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে । ১২ লাখতকৈ অধিক ধন খৰচ কৰি নিৰ্মাণ কৰা দলং খন সম্পূৰ্ণ কংক্ৰীট আৰু দলঙৰ ওপৰ অংশ বিশেষ চকাৰ সহায়ত চলি যায় । ৰচীৰ সহায়ত দলংখন টানি আৰু ঠেলি এটা পাৰৰ পৰা আনটো পাৰলৈ যাব পাৰি । সেই দলং খনৰ নাম ৰখা হৈছে টনা-আঁজোৰা দলং ।
ডিমৌৰ টনা-আঁজোৰা দলং খনৰ কথা জানেনে ? - ডিমৌৰ টনা-আঁজোৰাৰ দলং খনৰ কথা জানেনে ?
ডিমৌৰ এখন বিশেষ দলং এতিয়া হৈ পৰিছে সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বিপৰীতে ডিমৌ কিনাৰ গাঁৱৰ হৰেশ্বৰ বাইলুং নামৰ বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ দলং ৷ দলং খনৰ নাম ৰখা হৈছে টনা-আঁজোৰা দলং ।
ডিমৌ নদীৰ ওপৰত বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিৰ্মাণ কৰিলে টনা-আঁজোৰা দলং
মঙলবাৰে ডিমৌ কিনাৰৰ এজন ভকতৰ দ্বাৰা সম্পূৰ্ণ মাংগলিক নীতি-নিয়মৰ মাজেদি দলংখন উদ্বোধন কৰি ৰাইজৰ বাবে দলং মুকলি কৰা হয় । বিশেষ ভাৱে সক্ষম হৰেশ্বৰ বাইলুঙৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লোৱাৰ লগতে বিশেষ দলং খন চাবলৈ বহু ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় । দলং নিৰ্মাণ কৰিবলৈ বহু কেইজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি হৰেশ্বৰ বাইলুঙক সহায় কৰা বুলিও তেওঁ জানিবলৈ দিয়ে । অনুদান দিয়া ব্যক্তি সকলৰ নাম আৰু ধনৰ পৰিমাণো ৰাজহুৱা কৰে হৰেশ্বৰ বাইলুঙে ।
Last Updated : Jan 5, 2021, 6:51 PM IST