অসম

assam

ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান অব্যাহত - Sivsagar police take action against Drugs smuggling

নিচাযুক্ত সামগ্ৰীৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী । বিশেষকৈ বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিনৰ পৰা আৰক্ষীয়ে অভিযান চলাই শনিবাৰে পুৱা ৫৮টা কন্টেইনাৰত প্ৰায় ১৫০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিছে ।

sivsagar-police-take-action-against-drugs-smuggling
ড্ৰাগছৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান অব্যাহত

By

Published : May 29, 2021, 9:06 PM IST

শিৱসাগৰ, 29 মে’: ড্ৰাগছ, অবৈধ মদ, গাঞ্জা আদিক লৈ শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে শিৱসাগৰ আৰক্ষী-প্ৰশাসনে । ইতিমধ্যে নিচাযুক্ত সামগ্ৰীৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী ।

বিশেষকৈ বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিনৰ পৰা আৰক্ষীয়ে অভিযান চলাই শনিবাৰে পুৱা ৫৮টা কন্টেইনাৰত প্ৰায় ১৫০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিছে । ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত ৬৬৭/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি এনডিপিএছ আইনৰ ধাৰা ২২/২৯ৰ অধীনত ঘটনাৰ তদন্ত কৰি আন দুজন লোককো গ্ৰেপ্তাৰ কৰিছে ৷

ড্ৰাগছৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান অব্যাহত

উল্লেখ্য যে, বিগত দিনত শিৱসাগৰ আৰক্ষীয়ে চোৰাং আৰু অবৈধ মদ,গাঞ্জা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বহু নিচাযুক্ত সামগ্ৰীৰ লগতে সৰবৰাহ কৰা ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে । শনিবাৰেও জয়সাগৰ আৰক্ষীয়ে অভিযান চলাই কেইবা শ লিটাৰ অবৈধ মদ জব্দ কৰিবলৈ সক্ষম হয় । শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে এনে সমূহ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অতি কঠোৰ হ'ব বুলি ঘোষণা কৰি অপৰাধ দূৰ কৰাৰ বাবে ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহবান জনাইছে ।

লগতে পঢ়ক: পৰেশ বৰুৱাৰে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

...view details