শিৱসাগৰ, 11 ডিচেম্বৰ : আকৌ চৰ্চাত 'ফুটবলৰ ঈশ্বৰ' ডিয়েগ’ মাৰাডোনাৰ (Legend Soccer Diego Maradona)ৰ ঘড়ীৰ প্ৰসংগ ৷ ডুবাইৰ পৰা ডিয়েগ’ মাৰাডোনাৰ ঘড়ী পালেহি অসম ৷ ‘ফুটবলৰ ঈশ্বৰ’ৰ ঘড়ী পিন্ধি তহল দিছে শিৱসাগৰৰ ৱাজিদ হুছেইনে ৷
আপুনি হয়তো ভাবিছে ডিয়েগ’ মাৰাডোনাৰ ঘড়ী কেনেকৈ পালে শিৱসাগৰৰ ৱাজিদে ? শিৱসাগৰৰ ৱাজিদ বাৰু ডিয়েগ’ মাৰাডোনাৰ বন্ধু নেকি ? ৱাজিদক বাৰু ডিয়েগ’ মাৰাডোনাই এই ঘড়ীটো উপহাৰ দিলে নেকি ? পিছে ৰ’ব, আপুনি বা মই ভবাৰ দৰে এই কাহিনী নহয় ৷ কথা বেলেগহে...
ফুটবল সম্ৰাট মাৰাডোনাৰ ঘড়ী উদ্ধাৰ আপোনাৰ হয়তো মনত আছে, কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল 'ফুটবলৰ ঈশ্বৰ' ডিয়েগ’ মাৰাডোনাৰ বিশেষ ঘড়ীটোৰ প্ৰসংগ ৷ কিয়নো ডুবাইৰ পৰা চুৰি হৈছিল মাৰাডোনাৰ বিশেষ ঘড়ীটো ৷ অৱশেষত অন্ত পৰিল উৎকণ্ঠাৰ ৷ উদ্ধাৰ হ’ল ঘড়ীটো ৷
বৃহস্পতিবাৰে শিৱসাগৰত মাৰাডোনাৰ চুৰি হোৱা হাতঘড়ীটো উদ্ধাৰ (Maradona's Watch found in Sivsagar) হৈছে । শিৱসাগৰ আৰক্ষীয়ে নগৰৰ সমীপৰ দৰিকাঘাটৰ ৱাজিদ হুছেইন নামৰ এজন লোকৰ পৰা উদ্ধাৰ কৰিছে হাতঘড়ীটো । লগতে এই সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে হুছেইনক ৷
ডুবাইত চুৰি হোৱা মাৰাডোনাৰ ঘড়ী উদ্ধাৰ হ'ল শিৱসাগৰত জানিব পৰা মতে, ৱাজিদ হুছেইন নামৰ লোকজনে ২০১৬ চনৰ পৰা ডুবাইত আল্লাৱাৰ এণ্টাৰপ্ৰাইজ (Allawar Enterprise Company) নামৰ এটা কোম্পানীত ছিকিউৰিটি গাৰ্ডৰ কামত নিয়োজিত হৈ আছিল । চলিত বছৰৰ আগষ্ট মাহত ঘৰলৈ অহা ৱাজিদক নাইজেৰিয়াৰ ডেৰিক নামৰ এজন লোকে এটা ঘড়ী দিছিল । যিটো ঘড়ী ব্যৱহাৰ কৰি আছিল ৱাজিদে ।
ডেৰিকে ডুবাইত ম'ৰ স্পেচ নামৰ কোম্পানীত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল । মাজে সময়ে ৱাজিদে ডেৰিকৰ পৰা কাপোৰ, জোতা আদি আনে । এইবাৰ এটা ঘড়ীৰ দৰকাৰ বুলি কওঁতে এই ঘড়ীটো ডেৰিকে ৱাজিদক দিছিল ।
ফুটবল সম্ৰাট মাৰাডোনাৰ ঘড়ী উদ্ধাৰ এই ঘড়ীটোৱে আছিল ফুটবল সম্ৰাট মাৰাডোনাৰ ৷ যিটো মাৰাডোনাৰ মৃত্যুৰ আগত চুৰি হৈছিল । ঘটনা প্ৰসংগত ডুবাই আৰক্ষীয়ে অনুসন্ধান চলাই আছিল ৷
উক্ত হাবলট কোম্পানীৰ ঘড়ীটো শিৱসাগৰৰ ৱাজিদৰ হাতত আছে বুলি তথ্য লাভ কৰিছিল আৰক্ষীয়ে । সেই প্ৰসংগত বৃহস্পতিবাৰে পুৱা শিৱসাগৰ আৰক্ষীয়ে ৱাজিদক গ্ৰেপ্তাৰ কৰি মাৰাডোনাৰ ঘড়ীটো উদ্ধাৰ কৰে ।
লগতে পঢ়ক :Smart City Project Guwahati : শীঘ্ৰে মহানগৰীত আৰম্ভ হ’ব স্মাৰ্ট চিটিৰ উন্নয়ন কাৰ্য