শিৱসাগৰ, 25 মে’: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত শিৱসাগৰ জিলাৰ কোনো এখন শিক্ষানুষ্ঠানৰ পৰা কোনো শাখাত স্থান লাভ কৰিবলৈ সক্ষম নহল যদিও সামগ্ৰিক ভাৱে জিলাখনে বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছে । ৯৩.৪২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলা বিজ্ঞান শাখাত প্ৰথম হোৱাৰ লগতে কলা শাখাত সপ্তম আৰু বাণিজ্য শাখাত জিলাখনে অষ্টম স্থান লাভ কৰিছে । আনহাতে আৰ্যভট্ট জুনিয়ৰ কলেজৰ ছাত্ৰী কৃতীকা ফুকনে ভূতত্ব বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।ভূতত্ব বিষয়ত ৯৪% নম্বৰ লাভ কৰা কৃতীকাৰ সফলতাক লৈ উৎসাহী জুনিয়ৰ কলেজৰ সহপাঠী ।
শিৱসাগৰৰ পৰা এজনেও লাভ নকৰিলে স্থানঃ মান ৰাখিলে কৃতীকাৰে - ARTS VOMMERCE
উচ্চতৰ মাধ্যমিক ফলাফলত এটাও স্থান দখল কৰিব নোৱাৰিলে শিৱসাগৰ জিলাৰ এখনো শিক্ষানুষ্ঠানে ৷ কিন্তু বিজ্ঞান শাখাত অসমৰ ভিতৰত উত্তীৰ্ণ হাৰ সৰ্বোচ্চ শিৱসাগৰ জিলাত ৷ আনহাতে ভূতত্ব বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে কৃতীকাৰে ৷
স্থান লাব নকৰিলেও বিজ্ঞান শাখাত প্ৰথম স্থান লাভ শিৱসাগৰ
লগতে পঢ়ক: বিজ্ঞানৰ শীৰ্ষত দৰং মহাবিদ্যালয়ৰ চয়ন মজুমদাৰ
আনহাতে বাণিজ্য শাখাৰ চেলচমেনচীপ এণ্ড এডভাৰটাইজমেণ্ট বিষয়ত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সত্যজিৎ দত্তই ৮৪% নম্বৰ লাভ কৰি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ।