অসম

assam

ETV Bharat / state

শিৱসাগৰত চমক সৃষ্টি কৰিছে আৰক্ষীৰ বেলিফুলে

জয়সাগৰত আৰক্ষীৰ উপ-পৰিদৰ্শক জ্যোতিষ কুমাৰ ফুকনৰ এডৰা বেলিফুলে লাভ কৰিছে বিশেষ চৰ্চা ৷ জয়সাগৰ থানাৰ পিছফালে এতিয়া ভুমুকি মাৰে হাজাৰটা সূৰ্যই ৷

By

Published : Apr 14, 2021, 6:42 AM IST

Updated : Apr 14, 2021, 9:39 AM IST

police-sunflower
আৰক্ষীৰ বেলিফুল

শিৱসাগৰ,14 এপ্ৰিল : শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে এডৰা বেলিফুলৰ খেতিয়ে ৷ শিৱসাগৰ জিলাৰ জয়সাগৰত আৰক্ষীৰ এইডৰা বেলিফুলৰ খেতিৰ প্ৰয়াসক শলাগিছে স্থানীয় ৰাইজে ৷

শিৱসাগৰৰ জ্যোতিষ কুমাৰ ফুকন নামৰ আৰক্ষীৰ উপ-পৰিদৰ্শক এগৰাকীয়ে বেলিফুলৰ খেতিৰে লাভ কৰিছে বিশেষ চৰ্চা ৷ জয়সাগৰ আৰক্ষী চকীৰ পিছফালে তেওঁ ৰোপন কৰা বেলিফুল ডৰা উপভোগ কৰিবলৈ উপস্থিত হয় বিভিন্ন প্ৰান্তৰ লোক ৷ সকলোৱে বন্ধু-পৰিয়াল সহিতে ফটো তুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা দেখা গৈছে ।

আৰক্ষীৰ বেলিফুল

মানুহৰ মন ভূলাবলৈ সক্ষম হোৱা এই খেতিৰ আঁৰত থকা আৰক্ষী বিষয়া গৰাকীয়ে নিজেই বৃহৎ সংখ্যক মাটিত কৰিছে এই খেতি ৷ কনিষ্টবল ৰাজেশ্বৰ দাসৰ পৰিশ্ৰমেৰে এতিয়া জয়সাগৰ থানাৰ পিচফালে হাজাৰ সূৰ্যই ভুমুকি মাৰে ৷

উপ-পৰিদৰ্শক ফুকনে যে কেৱল বেলি ফুলৰ খেতি কৰিছে তেনে নহয়, আৰক্ষী চকীৰ পিছফালৰ বৃহৎ মাটিত বিভিন্ন পাচলিৰ খেতিৰ লগতে মৎস্য পালনৰো ব্যৱস্থা কৰিছে । এই উৎপাদিত সামগ্ৰীসমূহ আৰক্ষীৰ মাজত বিতৰণ কৰাৰ লগতে প্ৰয়োজন থকা লোকক প্ৰদান কৰে উপ-পৰিদৰ্শক গৰাকীয়ে ৷

এইদৰে নিজ পৰিকল্পনা আৰু ইচ্ছাৰ বলত এতিয়া সামাজিক মাধ্যমৰ লগতে সাধাৰণ লোকৰ শলাগৰ পাত্ৰ হৈছে জয়সাগৰ আৰক্ষী চকীৰ লগতে উপ-পৰিদৰ্শক জ্যোতিষ কুমাৰ ফুকন ।

লগতে পঢ়ক:আমগুৰিত ঢোলৰ বজাৰত ব্যাপক ভীৰ

Last Updated : Apr 14, 2021, 9:39 AM IST

ABOUT THE AUTHOR

...view details