অসম

assam

ETV Bharat / state

Bir Chilarai Award 2022-2023: নাজিৰা জৱাহৰলাল নবোদয় বিদ্যালয়ৰ ছাত্ৰী তন্ময়ী শ্ৰুতিধাৰা গগৈলৈ বীৰ চিলাৰায় বঁটা - Jawahar Navodaya Vidyalaya Sivasagar

নাজিৰাৰ জৱাহৰলাল নবোদয় বিদ্যালয়ৰ ছাত্ৰী তন্ময়ী শ্ৰুতি ধাৰা গগৈক প্ৰদান কৰা হ’ব 2022-2023 বৰ্ষৰ বীৰ চিলাৰায় বঁটা ৷ দশম অসম বেটেলিয়নৰ ডিব্ৰুগড়ৰ এনচিচি ইউনিটৰ অধীনৰ এনচিচি কেডেটগৰাকীক 15 আগষ্টত এই বঁটা প্ৰদান কৰিব ৰাজ্যৰ মুখ্য়মন্ত্ৰীয়ে ৷

Bir Chilarai Award 2022-2023
ছাত্ৰী তন্ময়ী শ্ৰুতিধাৰা গগৈলৈ বীৰ চিলাৰায় বঁটা

By

Published : Jul 29, 2022, 4:55 PM IST

নাজিৰা, 29 জুলাই: নাজিৰা জৱাহৰলাল নবোদয় বিদ্যালয়ৰ ছাত্ৰী তন্ময়ী শ্ৰুতি ধাৰা গগৈক বীৰ চিলাৰায় বঁটাৰ(Bir Chilarai Award) বাবে নিৰ্বাচিত কৰা হৈছে । শিৱসাগৰ জিলাৰ নাজিৰা নবোদয় বিদ্যালয়ৰ (Jawahar Navodaya Vidyalaya Sivasagar)ছাত্ৰী তথা এনচিচিৰ কেডেট তন্ময়ী শ্ৰুতিধাৰা গগৈলৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে ২০২২-২০২৩ বৰ্ষৰ বীৰ চিলাৰায় বঁটা আগবঢ়াইছে ৷

ছাত্ৰী তন্ময়ী শ্ৰুতিধাৰা গগৈলৈ বীৰ চিলাৰায় বঁটা

দশম অসম বেটেলিয়নৰ ডিব্ৰুগড়ৰ এনচিচি ইউনিটৰ অধীনৰ এনচিচি কেডেট(NCC cadet of 10 Assam Battalion) তন্ময়ী শ্ৰুতিধাৰা গগৈয়ে জুনিয়ৰ ছোৱালীৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে এনচিচি প্ৰশিক্ষণত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছিল ৷ অসম চৰকাৰৰ মুখ্য সচিব আৰু বীৰ চিলাৰায় এৱাৰ্ড ৰাজ্যিক কমিটিৰ অধ্যক্ষ জিষ্ণু বৰুৱাৰ অধক্ষ্যতাত অনুষ্ঠিত বাচনি সমিতিয়ে তন্ময়ী শ্ৰুতিধাৰা গগৈক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৷

উল্লেখ্য যে, তন্ময়ী শ্ৰুতিধাৰা গগৈ নাজিৰাস্থিত জৱাহৰলাল নৱোদয় বিদ্যালয় শিৱসাগৰৰ ছাত্ৰী ৷ ডিব্ৰুগড়ৰ এনচিচি গ্ৰুপ হেড কোৱাৰ্টাৰৰ বিষয়া কৰ্ণেল আৰ ৰমেশ আৰু ডিব্ৰুগড়ৰ এনচিচি ইউনিট ১০ অসম বেটেলিয়নৰ কমাণ্ডিং অফিচাৰে কেডেটগৰাকীৰ এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অহা ১৫ আগষ্টত ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানত তন্ময়ী শ্ৰুতিধাৰা গগৈক এই বঁটা প্ৰদান কৰিব ৷

লগতে পঢ়ক:Hindu women DSP in Pakistan police : মনিষা ৰ’পেটাই ৰচিলে ইতিহাস

ABOUT THE AUTHOR

...view details