অসম

assam

ETV Bharat / state

আমগুৰিত মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ - মিনি ষ্টেডিয়াম

আমগুৰিত নিৰ্মীয়মাণ অৱস্থাত থকা 10 কোটি টকীয়া মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু বিধায়ক প্ৰদীপ হাজৰিকাই ৷ শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা ল’বলৈ আহ্বান ৷

Signature project Mini Stadium construction corruption in Amguri
আমগুৰিত মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

By

Published : Oct 7, 2020, 6:38 PM IST

আমগুৰি,7 অক্টোবৰ: শিৱসাগৰৰ আমগুৰিৰ মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন ৷ ক্ৰীড়া বিকাশৰ বাবে মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনি ‘ছিগনেচাৰ প্ৰকল্প’ৰ জৰিয়তে ৰাজ্যত নিৰ্মিত হৈছে 33 খনকৈ মিনি ষ্টেডিয়াম । আমগুৰিতো নিৰ্মাণ কৰা হৈছে 10 কোটি টকীয়া ছিগনেচাৰ প্ৰকল্প ৷

আমগুৰিত মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

কিন্তু আমগুৰিত নিৰ্মীয়মান অৱস্থাত থকা এই ষ্টেডিয়ামখনৰ 50 শতাংশ কাম সম্পূৰ্ণ নোহোৱাকৈ আৰু 4 টাকৈ ফ্লাইড লাইট নিৰ্মাণ নোহোৱাকৈ বিভাগীয় কৰ্তৃপক্ষই প্ৰমাণ পত্ৰ দিয়াক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

আমগুৰিত মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

উল্লেখ্য যে,2020 বৰ্ষৰ মাৰ্চ মাহতে সম্পূৰ্ণ কৰিবলগীয়া এই ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম অতি শামুকীয়া গতিৰে আগবঢ়াৰ বাবে ক্ষুব্ধ হৈ পৰিছে আমগুৰিবাসী । আনহাতে,সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকাই ষ্টেডিয়ামখনৰ নিৰ্মাণত বিসংগতি হোৱাৰ কথা প্ৰকাশ কৰি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা ল’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক:গোলাঘাটত গভীৰ নিদ্ৰাত বিদ্যুৎ বিভাগ

ABOUT THE AUTHOR

...view details