অসম

assam

ETV Bharat / state

প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ মৃত্যু - বৰ্ষীয়ান কংগ্ৰেছ নেতা

তৰুণ গগৈৰ তিনিটা কাৰ্যকালত মাহমৰা সমষ্টিৰ পৰা জয়লাভ কৰা বৰ্ষীয়ান নেতাগৰাকীৰ বৃহস্পতিবাৰে পুৱা কলিকতাৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷

বৰ্ষীয়ান কংগ্ৰেছ নেতা প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ মৃত্যু

By

Published : Aug 1, 2019, 1:30 PM IST

Updated : Aug 1, 2019, 1:43 PM IST

শিৱসাগৰ,1 আগষ্টঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বৰ্ষীয়ান নেতা তথা এই বৰ্ষৰ মাৰ্চ মাহত বিজেপিত যোগদান কৰা অবিভক্ত শিৱসাগৰ জিলাৰ মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ মৃত্যু‌। বৃহস্পতিবাৰে পুৱা ১০.১০ মিনিটত কলিকতাৰ এখন চিকিৎসালয়ত ৰাজনীতিবিদ গৰাকীৰ মৃত্যু হয় । বৃক্ক সম্বন্ধীয় ৰোগত আক্রান্ত হৈ থকা শইকীয়া বিগত চাৰিমাহ ধৰি বৃক্ক সংৰোপনৰ বাবে কলিকতাৰ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল ।

প্ৰাক্তন বিধায়ক শৰৎ শইকীয়া

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিনিটা কাৰ্যকালত বিভিন্ন বিভাগৰ সংসদীয় সচিবৰূপে দায়িত্ব পালন কৰা শইকীয়া ক্ৰমাগত ভাৱে 2001,2006 আৰু 2011 চনৰ বিধান সভা নিৰ্বাচনত মাহমৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ জয়লাভ কৰিছিল । ইফালে , 2019 বৰ্ষত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল শৰৎ শইকীয়াই ৷

প্ৰাক্তন বিধায়ক শৰৎ শইকীয়া

পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে কলিকতাৰ পৰা আহিবলগীয়া কোনো বিমান নথকাৰ বাবে কাইলে মৃতদেহ মৰাণৰ বাসগৃহলৈ আনি অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব । শইকীয়াই ইহলোকত এজন পুত্ৰ,জীয়ৰী, বোৱাৰী, জোঁৱাই আদি কৰি দুই নাতিনী এৰি থৈ গৈছে ।

Last Updated : Aug 1, 2019, 1:43 PM IST

ABOUT THE AUTHOR

...view details