অসম

assam

ETV Bharat / state

Scam in Arunoday:আমগুৰিত অৰুণোদয় আঁচনিত বঞ্চিত মহিলাৰ পঞ্চায়ত কাৰ্যালয় ঘেৰাও - Protest in Gaurisagar

আমগুৰি সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ দেওৰজা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনি ৰূপায়ণত ৰাজনীতিকৰণৰ অভিযোগ (Allegation of Scam in Arunoday scheme at Gaurisagar)। ইয়াৰ প্ৰতিবাদত মহলাই পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি পঞ্চায়ত সভানেভত্ৰীক কৰিলে জৱাবদিহি ।

Allegation of Scam in Arunoday scheme at Gaurisagar
দেওৰজা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিত ৰাজনীতিকৰণ

By

Published : Feb 25, 2023, 10:57 PM IST

দেওৰজা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিত ৰাজনীতিকৰণ

আমগুৰি, ২৫ ফেব্ৰুৱাৰী:শিৱসাগৰ জিলাৰ আমগুৰিত অৰুণোদয় আঁচনি ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে (Assam govt Arunoday scheme)।ইয়াৰ প্ৰতিবাদত শণিবাৰে জিলাখনৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ দেওৰজা গাঁও পঞ্চায়ত ঘেৰাও কৰিলে অৰুণোদয় আঁচনিৰ বঞ্চিত মহিলাই । প্ৰতিবাদকাৰী মহিলাসকলে পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ৰাজনীতিকৰণ কৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন কৰিছে । আৰ্থিকভাৱে স্বচ্চল পৰিয়ালৰ মহিলাই অৰুণোদয় আঁচনি লাভ কৰাৰ অভিযোগ তুলি বঞ্চিত মহিলাই দেওৰজা গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি পঞ্চায়ত সভানেভত্ৰীক জৱাবদিহি কৰে । পঞ্চায়ত সভানেভত্ৰীৰ বিৰুদ্ধে ক্ষুব্ধ মহিলাই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ (Allegation of Scam in Arunoday scheme) ।

জিলাখনৰ আমগুৰি সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ দেওৰজা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই উত্থাপিত হৈ আহিছে (Protest in Gaurisagar)। দেওৰজা গাঁও পঞ্চায়তত দৰিদ্ৰ মহিলা বিশেষকৈ বিধৱা, প্ৰতিৱন্ধী লোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন নকৰি আৰ্থিকভাৱে স্বচ্চল লোকক নিৰ্বাচন কৰাত এনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেইবাখনো গাঁৱৰ ১৫০ গৰাকীতকৈও অধিক যোগ্য হিতাধিকাৰীয় অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হৈছে । দেওৰজা গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে অযোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে (Scam in Arunoday scheme in Amguri) ।

ইপিনে,কেইদিনমান পূৰ্বে জিলাখনৰ নাজিৰাৰ ৰমণী পঞ্চায়তত এই আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । চন্তক ৰমণী পঞ্চায়তত দৰিদ্ৰ মহিলা বিশেষকৈ বিধৱা, অন্য় ধৰণে সক্ষম লোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন নকৰি আৰ্থিকভাৱে স্বচ্চল লোকক হিতাধিকাৰী নিৰ্বাচন কৰাক লৈ এইদৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ।

উল্লেখ্য যে জিলাখনৰ বহুকেইখন গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইতিমধ্যে বহু বঞ্চিত মহিলাই গাঁও পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰিছে । ইয়াৰ পিছতো যোগ্য মহিলাই লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন । শিৱসাগৰ জিলা প্ৰশাসনেও অৰুণোদয় আঁচনিৰ বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত আজিকোপতি ব্যৱস্থা নকৰাৰ অভিয়োগ উঠিছে।

উল্লেখ্য় যে ৰাজ্য় চৰকাৰে এইখন অভিলাসী আঁচনি 2020 চনৰ 2 অক্টোবত মুকলি কৰিছিল ৷ এই অৰুণোদয় আঁচনিখনে ৰাজ্যৰ প্ৰায় 19.10 লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে প্ৰতি মাহে বিত্তীয় অনুদান প্ৰদান কৰিছে । কিন্তু এই আঁচনিখন ৰূপায়ণৰ পিছতেই ৰাজ্য়ৰ বিভিন্ন জিলাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়ক:Guwahati Double Murder: অমৰজ্যোতিৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা; ৰচিছিল সম্পত্তিৰ গৰাকী হোৱাৰ অভিসন্ধি

ABOUT THE AUTHOR

...view details