অসম

assam

ETV Bharat / state

কৃষক আইনৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - শিৱসাগৰৰ দ'লমুখ চাৰিআলি

শিৱসাগৰৰ দ'লমুখ চাৰিআলিত কৃষি বিধেয়ক ২০২০ ৰ প্ৰতিলিপি দাহ কৰি সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Sep 28, 2020, 4:39 PM IST

শিৱসাগৰ, 28 ছেপ্তেম্বৰ:সোমবাৰে কৃষি আইনৰ বিৰোধিতাৰে শিৱসাগৰৰ দ'লমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ কৃষি আইন ২০২০ ৰ প্ৰতিলিপি দাহ কৰি সংগঠনটোনে সাব্যস্ত কৰে প্ৰতিবাদ ৷

কৃষক আইনৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বিজেপি চৰকাৰক বেপাৰী আখ্যা দি তেওঁলোকে ইতিমধ্যে ভাৰতবৰ্ষৰ সকলো সম্পত্তি বিক্ৰী কৰি সৰ্বসাধাৰণ ৰাইজক হত্যা কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ ইতিমধ্যে তিনিওখন কৃষি বিধেয়কক আইনলৈ ৰূপান্তৰিত কৰি কৃষক সকলকো হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সংগঠনটো চৰকাৰৰ এনে কাৰ্যৰ সম্পূৰ্ণ বিৰুদ্ধে বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ বিৰোধিতাৰে অসমৰ লগতে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব বুলি সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক:স্বায়ত্ত্ব শাসিত পৰিষদৰ দাবীৰে মেচ-কছাৰী জাতীয় পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details