শিৱসাগৰ, 5 অক্টোবৰ: শিৱসাগৰ নগৰত সোমবাৰে অসম চৰকাৰৰ উদ্যোগত খিলঞ্জীয়া লোকক মাটি পট্টা প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে, শিৱসাগৰ জিলাৰ অনুসূচিত জাতিৰ লোকক ভূমি পট্টা প্ৰদান কৰা আৰু পুনৰ সংস্থাপনৰ দাবীৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
শিৱসাগৰত অনুসূচিত জাতি ছাত্র সন্থাৰ প্ৰতিবাদ - অসম চৰকাৰ
শিৱসাগৰ জিলাৰ অনুসূচিত জাতিৰ লোকক ভূমি পট্টা প্ৰদান কৰা আৰু পুনৰ সংস্থাপনৰ দাবীৰে সোমবাৰে চহৰখনত অনুসূচিত জাতি ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
চৰকাৰৰ উদ্যোগত অনুষ্ঠিত ভূমিপট্টা প্ৰদান কৰা অনুষ্ঠানক ভেকোভাঁওনা বুলি উল্লেখ কৰি জিলাখনৰ অনুসূচিত জাতিৰ লোক সকলক ভূমিপট্টা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ অনুসূচিত জাতিৰ লোকসকলে বছৰ বছৰ ধৰি দাবী কৰি অহাৰ পাচতো ভূমিপট্টা প্ৰদান নকৰি এতিয়া খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদানৰ নাটক কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ লগতে খিলঞ্জীয়া লোকক প্ৰতাৰণা কৰা বুলিও অভিযোগ উত্থাপন কৰি অনুসূচিত জাতিৰ লোকসকলক অনতিপলমে ভূমিপট্টা প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক:মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ