শিৱসাগৰ,19 জুন: শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে শিৱসাগৰ কলেজত অনুষ্ঠিত হয় প্ৰয়াত শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠান(Sarat Mahanta Memorial Lecture Programme in Sivasagar) । শিৱসাগৰৰ জিলা উপায়ুক্ত মেঘ নিধি দহালে এই অনুষ্ঠানটো উদ্বোধন কৰে । অনুষ্ঠানত "উপন্যাসত স্ৰষ্টাৰ জীৱন অভিজ্ঞতাৰ প্ৰতিফলন" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিকা ড° ৰীতা চৌধুৰীয়ে (Novelist Dr Rita Chaudhary Participated In Sarat Mahanta Memorial Lecture)। ঔপন্যাসিকা ড° ৰীতা চৌধুৰীয়ে বিষয়টো সন্দৰ্ভত কয়, ‘‘আমি যি সৃষ্টি কৰোঁ সেয়াই সময়ক প্ৰতিনিধিত্ব কৰে । সময়ৰ লগে লগে যি ধ্যান-ধাৰণা সলনি হয়, সেয়া সাহিত্যত প্ৰতিফলিত হয়’’ ৷
ঔপন্যাসিকাগৰাকীয়ে বৰ্তমান সমাজ ব্যৱস্থা জটিল হৈ আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য় কৰে । সাহিত্যতো এই দিশৰ প্ৰতিফলন ঘটে বুলি ড° ৰীতা চৌধুৰীয়ে কয় । উপন্যাসত আমি স্ৰষ্টাৰ জীৱন অভিজ্ঞতা বিচাৰি উলিয়াব পাৰোঁ বুলিও বক্তব্য আগবঢ়ায় বিশিষ্ট ঔপন্যাসিকাগৰাকীয়ে । ইয়াৰ উপৰিও তেওঁ কয় ,‘‘সম্প্ৰতি আমি ব্যক্তিবাদৰ চৰম সীমাত উপনীত হৈছোঁ । এয়া মোৰ জীৱন, মোৰ সময়-এনে ধৰণৰ যুক্তি মনত প্ৰথম আহে আজি-কালিৰ সন্তানৰ মনত’’ । নিজে কেনেধৰণৰ পৰিৱেশত ডাঙৰ হৈছিল সেই বিষয়েও অনুষ্ঠানটোত তেওঁ কয় ।