শিৱসাগৰ, 7 মাৰ্চঃ পৌৰসভা অচল কৰি প্ৰতিবাদত নামিছে চাফাই কৰ্মী। দৰমহা বৃদ্ধি,চাকৰি নিয়মীয়াকৰণ,স্বাস্থ্য ভাট্টা আদি বিভিন্ন দাবী পূৰণৰ বাবে এই সকল চাফাই কৰ্মীয়ে বিগত তিনি দিন ধৰি ধৰ্মঘট কাৰ্যসূচী পালন কৰি আহিছে যদিও আজিলৈ গা লৰা নাই শিৱসাগৰ পৌৰ কৰ্তৃপক্ষৰ। চাফাই কৰ্মী অবিহনে শিৱসাগৰ নগৰত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতো তেওঁলোকৰ দাবীক লৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি ৰাজপথত শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে। বিগত তিনি দিন ধৰি প্ৰতিবাদ কৰি থকাৰ বাবে চৰুৰ তলত জুই পৰা নাই প্ৰতিবাদকাৰী সকলৰ। সেয়েহে পৌৰসভাৰ নীতিক অংগুষ্ঠ দেখুৱাই শনিবাৰে প্ৰতিবাদী সমদলৰ লগতে ৰাজহুৱা ভিক্ষা মগাৰ কাৰ্যসূচী হাতত লয়।প্ৰতিবাদী চফাই কৰ্মী সকলে অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়।
শিৱসাগৰত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ - প্ৰতিবাদত নামিছে চফাই কৰ্মী
প্ৰাপ্য দাবীত অব্যাহত ৰাখিছে ধৰ্মঘট । দৰমহা বৃদ্ধি,চাকৰি নিয়মীয়াকৰণ আদি দাবীক লৈ শিৱসাগৰ পৌৰ সভাৰ বিৰুদ্ধে আজি ৰাজপথত সাব্যস্ত কৰিলে প্ৰতিবাদ।
শিৱসাগৰত চফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ
Last Updated : Mar 7, 2020, 4:08 PM IST