অসম

assam

ETV Bharat / state

ডিমৌত কান্দোনৰ ৰোলঃ পথ দুৰ্ঘটনাত 9জনৰ মৃত্যু - গোলাঘাটৰ পৰা ডিব্ৰুগড় অভিমুখী

যাত্ৰীবাহী আলট্ৰা বাছ আৰু ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত দহজনৰো অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ৷

ডিমৌ থাওৰাদলত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Sep 23, 2019, 10:49 AM IST

Updated : Sep 23, 2019, 1:02 PM IST

শিৱসাগৰ, 23 ছেপ্টেম্বৰঃ শিৱসাগৰ জিলাৰ ডিমৌ থাওৰাদলত সোমবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ যাত্ৰীবাহী আলট্ৰা বাছ আৰু ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

ডিমৌ থাওৰাদলত ভয়ংকৰ পথ দুৰ্ঘটনা

জানিব পৰা মতে গোলাঘাটৰ পৰা ডিব্ৰুগড় অভিমুখী কনকজ্যোতি নামৰ AS-05AC-5999 নম্বৰৰ আলট্ৰা বাছ এখনে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰত মুখামুখিকৈ খুন্দিওৱাৰ ফলত ট্ৰেভেলাৰখন পথৰ দাঁতিৰ খাৱৈত সোমাই পৰে ৷ এই দুৰ্ঘটনাটোত 9 জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে 15 জনতকৈও অধিক যাত্ৰী কম-বেছি পৰিমাণে আহত হয় ৷ নিহত লোক কেইজন ডিমৌৰ নৰেন ভৰালী, ধেমাজিৰ হিৰণ্য জ্যোতি চেতিয়া (আছু,ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা),পিতা দিগন্ত চেতিয়া আৰু মাজুলীৰ পূৰ্ণ শৰ্মা (তিনিচুকীয়া আই টি আইৰ কৰ্মচাৰী) বুলি চিনাক্ত কৰা হৈছে ৷ দুৰ্ঘটনাটোত বাকী নিহত লোক কেইজনৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ নিহত সকলক ডিমৌ আদৰ্শ চিকিৎসালয়ত ৰখা হৈছে ৷

ডিমৌত কান্দোনৰ ৰোল

ইপিনে আহত লোকসকলক ডিমৌ আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আহত লোকসকলৰ নাম ৰশ্মি ৰেখা কছাৰী(দেৰগাঁও),ইছলাম আহমেদ(ডিব্ৰুগড়), প্ৰদীপ দিহিঙীয়া (ডিমৌ),দেহা সিং নাথ(ফৰকাটিং), বিপুল তামুলী (কাকজন),মহম্মদ কুদ্দুছ আলি (মৰিগাঁও),ভোগেশ্বৰ বৰুৱা (ডিমৌ)। উল্লেখ্য যে ডিমৌৰ পৰা মৰাণলৈ চাৰি লেন যুক্ত পথ নিৰ্মাণ চলাই থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পুখুৰী সদৃশ গাঁত সৃষ্টি কৰি থোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷

Last Updated : Sep 23, 2019, 1:02 PM IST

ABOUT THE AUTHOR

...view details