অসম

assam

ETV Bharat / state

শিৱসাগৰত সমূহীয়া পদত্যাগ অসম যুৱ পৰিষদৰ - শিৱসাগৰ জিলা

বৃহস্পতিবাৰে অসম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতি,সমষ্টি সমিতি আৰু অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা সকলো সদস্য আৰু কাৰ্যনিবাহকে পদত্যাগ কৰে,নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ অসম যুৱ পৰিষদৰ,যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পৰীক্ষিত বৰুৱাৰ নেতৃত্বত পদত্যাগ কৰে সদস্যসকলে

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ অসম যুৱ পৰিষদৰ
শিৱসাগৰত সমূহীয়া পদত্যাগ অসম যুৱ পৰিষদৰ

By

Published : Dec 19, 2019, 11:52 PM IST

শিৱসাগৰ,19 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ ৷ বৃহস্পতিবাৰে অসম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতি,সমষ্টি সমিতি আৰু অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা সকলো সদস্য আৰু কাৰ্যনিবাহকে পদত্যাগ কৰে ৷ যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পৰীক্ষিত বৰুৱাৰ নেতৃত্বত পদত্যাগ কৰে সদস্যসকলে ৷ শিৱসাগৰ প্ৰেছক্লাৱত সংবাদমেল আয়োজন কৰি জাতীয় স্বাৰ্থত অগপই সবল স্থিতি ল'ব নোৱাৰাৰ বাবে এই সমূহীয়া পদত্যাগ ঘোষণা কৰে সম্পাদকগৰাকীয়ে ৷

শিৱসাগৰত সমূহীয়া পদত্যাগ অসম যুৱ পৰিষদৰ

সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে অতুল বৰালৈ প্ৰেৰণ কৰা মুকলি চিঠিৰ প্ৰত্যুত্তৰ নিদিয়াৰ বাবে অসমীয়া জাতিৰ স্বাৰ্থত অসমীয়াৰ কাষত থিয় দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ সদস্যসকলে ৷

আনহাতে, এই প্ৰসংগত জিলা সমিতিৰ অহৰহ হেঁচাৰ পিছতো পদত্যাগৰ সিদ্ধান্তত অটল থাকে দলটোৱে । উল্লেখ্য যে, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এই আইনৰ সমৰ্থনত ৰাজ্যসভাত ভোট দি অসমীয়াক অপমান কৰিছিল ৷ শেহতীয়াকৈ এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যোৱাটো একপ্ৰকাৰৰ ভেঁকোভাওনা আৰু অসমীয়াক মূৰ্খ সজোৱাৰ পদক্ষেপ বুলি আক্ষেপেৰে কয় পৰীক্ষিত বৰুৱাই ৷

লগতে চাওকঃপৱন কুমাৰ গুপ্তাৰ ক্ষমা আবেদন খাৰিজ দিল্লী আদালতৰ

ABOUT THE AUTHOR

...view details