শিৱসাগৰ,25 মাৰ্চ : শিৱসাগৰ নগৰৰ স্কাইচেফ হোটেলত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীক লগত লৈ সম্বোধন কৰা সংবাদমেলখনত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে সভাপতি দাসে ৷
তেওঁ কয় যে, ‘‘বিজেপি দলে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অসমীয়া ভাষা-সংস্কৃতিক উজ্জীৱিত ৰূপ দিয়াৰ চেষ্টা চলাইছে বিজেপিয়ে । এসময়ত খিলঞ্জীয়াৰ অস্তিত্ব থকা পশ্চিম অসমত এতিয়া খিলঞ্জীয়া সংকটত ভূগিছে । বিগত দশকবোৰত কংগ্ৰেছ দলে ভোট বেংকৰ স্বাৰ্থত অসমীয়া জাতিক সংকটাপন্ন কৰি তুলিছিল’’ ।
বিজেপি দলক অসমৰ ৰাইজে আস্থা হিচাপে লৈ নিৰ্বাচনত জয়ী কৰাব বুলি দাবী কৰি বিজেপি নেতা গৰাকীয়ে কয় যে, 100+ আসনত বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি মন্তব্য কৰে । আনহাতে, তেওঁ কংগ্ৰেছ দলৰ দুই প্ৰয়াত নেতা তৰুণ গগৈ আৰু প্ৰণৱ গগৈৰ ভূয়সী প্ৰশংসা কৰি দুয়োগৰাকী অসম আৰু অসমীয়াৰ প্ৰতি দায়বদ্ধ আছিল বুলি স্বীকৃতি দিয়ে ।
শিৱসাগৰ সমষ্টিৰ এইবাৰৰ প্ৰাৰ্থী অখিল গগৈ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি সভাপতি গৰাকীয়ে কয় যে, ‘‘তেওঁ এক প্ৰতিবাদী সত্বা । তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নালাগিছিল । কিয়নো অসমীয়া ৰাইজৰ হিয়াৰ আমঠু ভূপেন হাজৰিকা নিৰ্বাচনত পৰাজিত হোৱাৰ উদাহৰণ আছে’’ । অখিল গগৈ ৰাইজৰ পক্ষত থাকি আন্দোলন কৰি থকাই ভাল আছিল বুলি পোষকতা কৰে ৰণজিৎ কুমাৰ দাসে ।
লগতে পঢ়ক :গৌৰীপুৰৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ