আমগুৰি, ২৯ ডিচেম্বৰ :ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ (Department of Public Health of Assam) অধীনত যোৱা প্ৰায় তিনি বছৰ ধৰি ৰূপায়িত হৈ আছে জল জীৱন মিছনৰ কাম (Jal Jeevan Mission project on Assam) । ইতিমধ্যে অসম চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে প্ৰচাৰ তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে জল জীৱন মিছনৰ শীৰ্ষক গীতো মুকলি কৰিছে । ২০২৩ ৰ ভিতৰত অসমৰ প্ৰতিঘৰ লোকে বিশুদ্ধ খোৱাপানী পোৱাৰো প্ৰতিশ্ৰুতি দিছে চৰকাৰে । কিন্তু তাৰ মাজতে বহু ঠাইত জল জীৱন মিছন ৰূপায়ণত পোহৰলৈ আহিছে বিভিন্ন অনিয়ম তথা প্ৰহসনৰ ঘটনা । একপ্ৰকাৰ ভেকোঁভাওনাত পৰিণত হৈছে আঁচনিখন !
যাৰ বাবে বহু ঠাইত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে স্থানীয় লোকসকল । অসমৰ বাকী জিলাসমূহৰ দৰে শিৱসাগৰৰ আমগুৰিতো জল জীৱন মিছন আঁচনি প্ৰহসনত পৰিণত হৈছে । যাৰ বাবে বিশুদ্ধ খোৱাপানী বিচাৰি ৰাজপথলৈ ওলাই আহিল সৰ্বসাধাৰণ ৰাইজ ।
বাউলীপুখুৰী শেণচোৱা গাঁৱত বিশুদ্ধ খোৱাপানী বিচাৰি স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে (Public protest demanding pure drinking water)। ৰাইজৰ অভিযোগ অনুসৰি জল জীৱন মিছন আঁচনিৰ অধীনত শেণছোৱা বৰুৱা পানী যোগান আঁচনি মেৰামতি কৰা হয় যদিও বৰ্তমানলৈকৈ তিনিখনকৈ গাঁৱৰ পৰিয়ালে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী । ব্ৰহ্মপুত্ৰ কনষ্ট্ৰাকশ্যন এণ্ড ট্ৰেড নামৰ প্ৰতিষ্ঠানে শেণছোৱা বৰুৱা পানী যোগান আঁচনিৰ নিৰ্মাণকাৰ্য চলাইছিল যদিও প্ৰায় ১৫০ টা পৰিয়ালে এতিয়ালৈ বিশুদ্ধ খোৱাপানী লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।