অসম

assam

ETV Bharat / state

শিৱসাগৰত এন এইচ এমৰ ঠিকা ভিত্তিক নাৰ্চৰ প্ৰতিবাদ - ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন

শিৱসাগৰত কৰ'ণা যোদ্ধাৰ প্ৰতিবাদ ৷ বিগত 15 বছৰে ধৰি স্বাস্থ্যকৰ্মী সকলে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে নিজৰ ক্ষোভ ৷

Protest of NHM contract based nurses in Shivsagar
শিৱসাগৰত এন এইচ এমৰ ঠিকা ভিত্তিক নাৰ্চৰ প্ৰতিবাদ

By

Published : Oct 20, 2020, 5:38 PM IST

শিৱসাগৰ, 20 অক্টোবৰ : শিৱসাগৰ জিলাৰ বৰপুখুৰীৰ পাৰত এজাক কৰ'ণা যোদ্ধাৰ প্ৰতিবাদ ৷ চাকৰিৰ অনিশ্চয়তাত ভুগি চৰকাৰী প্ৰতিবাদ সাব্য়স্ত কৰিলে এন এইচ এমৰ কৰ্মী সকলে ৷ চৰকাৰী মিথ্যাচাৰ, বঞ্চনাৰ বলি হ'বলৈ ওলোৱা এই সকল কৰ'ণা যোদ্ধাই চিকিৎসালয় এৰি ৰাজপথলৈ ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ৷

ঠিকা ভিত্তিক নাৰ্চৰ মন্তব্য

উল্লেখ্য যে, সুদীৰ্ঘ প্ৰায় 14 বছৰ ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ফিস্ক পে কৰ্মচাৰী হিচাপে শিৱসাগৰৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত নিয়োজিত হৈ আহিছে এই সকল কৰ্মীয়ে ৷ কিন্তু সম্প্ৰতি ৰাজ্যৰ স্বাস্থ্য বিভাগে নতুনকৈ নাৰ্চ নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰাৰ পিচতে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো চৰকাৰে নিযুক্তি দিবলৈ ওলোৱা স্বাস্থ্যকৰ্মীৰ বয়সৰ উৰ্ধ সীমা 40 বছৰৰ নিৰ্ধাৰণ কৰিছে ৷

লগতে পঢ়ক :সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

ভুক্তভোগী কৰ্মীসকলৰ অভিযোগ অনুসৰি, প্ৰথমতে বিগত 15 বছৰ ধৰি সেৱা আগবঢ়াই অহা এই সকল কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰক ৷ চৰকাৰৰ বিজ্ঞাপন অনুসৰি, 40 বছৰ বয়সৰ উৰ্ধ সীমা উকলি যোৱা কৰ্মীসকলে অৱতীৰ্ণ হ'ব নোৱাৰে নতুন সাক্ষাৎকাৰত ৷ যাৰ বাবে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ উজাৰি তেওঁলোকৰ বিষয়টো চৰকাৰে পৰ্যালোচনা কৰিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক :নলবাৰীত উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও সচেতন মহিলা মঞ্চৰ

ABOUT THE AUTHOR

...view details