শিৱসাগৰ,4 জুলাই:সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বিৰোধিতাৰে প্ৰতিবাদত কপি উঠিল শিৱসাগৰ নগৰ ৷ মঙলবাৰে শিৱসাগৰত দুটাকৈ সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিৰ পৰা বাইক লৈ শিৱসাগৰ নগৰৰ লগতে গাওঁ পৰিভ্ৰমণ কৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে জনমত গঠন কৰিলৈ শতাধিক লোকে বাইক লৈ চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰে শিৱসাগৰ ৰাজপথ ৷
‘‘বিধায়ক সুশান্ত বুৰগোঁহাই, বিধায়ক তৰংগ গগৈ, মন্ত্ৰী যোগেন মোহন বা বিধায়ক চক্ৰধৰ গগৈয়ে হওঁক, আহোম বিধায়ক বুলি তেওঁলোকে দম্ভালি মাৰি আছে ৷ কিন্তু তেওঁলোকে আহোম জনগোষ্ঠীৰ বাবে কি কৰিলে ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰি তেওঁলোকে আহোমৰ নেতৃত্ব লৈছে ৷ ইয়াতকৈ লজ্জিত কথা নাই ! সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা কি আহোম হয় ! তেওঁ না গগৈ,ফুকন,কোঁৱৰ না বৰগোঁহাই লিখে ৷ তেওঁ মাৰ্ঘেৰিটাহে লিখিছে ৷’’ এই দৰে আহোমৰ বিধায়ক বা নেতৃত্ব বুলি পৰিচয় দিয়া বিধায়কক উভতি ধৰিলে উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে ৷