অসম

assam

ETV Bharat / state

Pig Syndicate: ৰাজ্যত সক্ৰিয় গাহৰি চিণ্ডিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী অসমীয়া যুৱ মঞ্চৰ - সংবাদমেল

অসমীয়া যুৱ মঞ্চৰ আমগুৰিত সংবাদমেল ৷ ৰাজ্যত পুনৰ আৰম্ভ হৈছে ম’হ, কণী, গৰু, ব্ৰইলাৰ, পানকে ধৰি গাহৰিৰ চিণ্ডিকেট ।

Press Meet
অসমীয়া যুৱ মঞ্চৰ সংবাদমেল

By

Published : Jul 6, 2023, 4:56 PM IST

অসমীয়া যুৱ মঞ্চৰ সংবাদমেল

আমগুৰি, ৬ জুলাই : অসমীয়া যুৱ মঞ্চই আমগুৰিত এখনি সংবাদমেলৰ আয়োজন কৰে ৷ ৰাজ্যত পুনৰ আৰম্ভ হোৱা চিণ্ডিকেট সন্দৰ্ভত এই সংবাদমেলখনিৰ আয়োজন কৰে যুৱ মঞ্চই ৷ ম’হ, কণী, গৰু, ব্ৰইলাৰ, পানকে ধৰি গাহৰিৰ চিণ্ডিকেট পুনৰ আৰম্ভ হৈছে ৰাজ্যত । শ্ৰীৰামপুৰ গেটত গাহৰি চিণ্ডিকেট চলোৱাৰ অভিযোগ তুলিছে অসমীয়া যুৱ মঞ্চই ৷ চিণ্ডিকেটৰ নায়ক দিলীপ সিং, আমগুৰিৰ শশাংক ভূঞাক গ্ৰেপ্তাৰৰ দাবী তুলিছে তেওঁলোকে ৷

সংবাদমেল সম্বোধন কৰি অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি ধৰ্ম গগৈয়ে কয় যে আমগুৰিৰ শশাংক ভূঞাই অসমত চলাইছে গাহৰিৰ চিণ্ডিকেট । শ্ৰীৰামপুৰ গেটত দিলীপ সিং বাহিনীক এখন গাড়ীৰ বাবদ ৪ লাখ টকা দিলেহে অসমলৈ গাহৰি আনিব পাৰে । অসমীয়া যুৱমঞ্চই এই বিষয়টো মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰে ।

দিলীপ সিঙৰ লগত আমগুৰিৰ শশাংক ভূঞা জড়িত থকাৰ অভিযোগ আনি শশাংক ভূঞাই অসমৰ অসমীয়া ব্যৱসায়ীকে লুণ্ঠন চলাই অহা বুলি প্ৰকাশ কৰিছে জাতীয় সংগঠনটোৱে । অসমত গাহৰিৰ চিণ্ডিকেট শশাংক ভূঞাৰ নেতৃত্বত চলি থকাৰ লগতে শশাংক ভূঞাৰ কম দিনতে সামঞ্জস্যহীন সম্পত্তি, কম সময়তে কোটি টকাৰ মালিক হোৱা বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা লগতে শীঘ্ৰে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় ।

দিলীপ সিং, শশাংক ভূঞাক আটক কৰিবলৈ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ তদাৰকি আৰু দুৰ্নীতি নিবাৰক শাখাৰ লগতে অসম আৰক্ষীক নিজাববীয়াকৈ তদন্ত কৰিবলৈয়ো দাবী জনায় অসমীয়া যুৱ মঞ্চই । শ্ৰীৰামপুৰ গেটৰে দৈনিক ২০ খন গাহৰিভৰ্তি কন্টেইনাৰ অসমলৈ পাৰ হয় । প্ৰতিখনতে চাৰিলাখকৈ দৈনিক মুঠ আশী লাখ টকা চিণ্ডিকেট বাহিনীটোৱে সংগ্ৰহ কৰে বুলি প্ৰকাশ কৰে ধৰ্ম গগৈয়ে ।

আমগুৰিত অসমীয়া যুৱ মঞ্চই সংবাদমেল আয়োজন কৰি শীঘ্ৰে শ্ৰীৰামপুৰ গেটৰ চিণ্ডিকেট বন্ধ কৰা, চিণ্ডিকেটচক্ৰৰ মূল নায়ক দিলীপ সিং, শশাংক ভূঞা, দীপক, ৰাহুল, ঠাকুৰক তদন্ত কৰি এমাহৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে এই কাম কাৰ্যকৰী নহ’লে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :Constituency delimitation: আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ক্ষোভ জনতাৰ; বিধায়কক সকীয়নি

ABOUT THE AUTHOR

...view details