শিৱসাগৰ, 13 এপ্ৰিল : লাও খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা.... কাইলৈ গৰু বিহু ৷ চেনেহৰ ৰঙালীক উদযাপন কৰিবলৈ সাজু ৰাজ্যবাসী ৷ আজোককাৰ দিনৰ পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে কাইলৈ গৰুক গা ধুৱাই উদযাপন কৰা হ'ব গৰু বিহু । গৰু বিহু উপলক্ষে গৰুলৈ তৰাৰ পঘা, বাঁহৰ চাক বনোৱাত ব্যস্ত ডিমৌৰ কাষৰীয়া অঞ্চলৰ চহা কৃষক সোণাৰাম দিহিঙীয়া ৷ ডিমৌৰ নৈ পাৰৰ পৰা তৰা কাটি আনি সেইবোৰ ফালি চুচি পঘা তৈয়াৰৰ সমান্তৰালকৈ বাৰীৰ বিজুলী বাঁহ কাটি আনি সাজিছে চাক ।
কাইলৈ গৰু বিহু ... ন পঘাৰে গৰুক গা-ধুৱাবলৈ প্ৰস্তুতি চলাইছে চহা অসমীয়াই - প্ৰস্তুতি
গৰু বিহুত প্ৰয়োজনীয় সকলো সা-সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ বাবে মুকলি কৰি আহিছে ডিমৌৰ সোণাৰাম দিহিঙীয়াই
গৰু বিহুৰ প্ৰস্তুতি
এনেদৰে গৰু বিহুত প্ৰয়োজনীয় সকলো সা-সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছে সোণাৰাম দিহিঙীয়াই ৷ এইবেলি তেওঁ পাঁচশ পঘা, তিনিশ চাক সাজু কৰি উলিয়াইছে বিক্ৰীৰ বাবে । তেওঁৰ ঘৰৰ পৰাই গৰু বিহুৰ বাবে প্ৰয়োজনীয় পঘা, চাক সংগ্ৰহ কৰাৰ লগতে ডিমৌ, নিতাই পুখুৰীত উৰুকাৰ বজাৰতো বিক্ৰী কৰিবলৈ সাজু হৈছে তেওঁ ৷