আমগুৰি, 5 জুলাই:আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমৰ জীয়ৰীৰ সাফল্য ৷ কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন কৰিছে অসমৰ ভাৰত্তোলক পপী হাজৰিকাই (Popy Hazarika selected for Commonwealth game)৷ আমগুৰিৰ নামতি অঞ্চলৰ জীয়ৰী পপী হাজৰিকাই এই যোগ্যতা অৰ্জন কৰি অঞ্চলটোৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধত্ব কৰিবলৈ ইতিমধ্যে ইংলেণ্ডলৈ ৰাওনা হৈছে ভাৰত্তোলক পপী হাজৰিকাই ৷