শিৱসাগৰ,২৭ফেব্ৰুৱাৰী:শিৱসাগৰৰ শিৱ দলৰ সমীপত বুধবাৰে ৰাইজৰ উগ্ৰমূৰ্তিৰ সন্মুখীন হ'বলগীয়া হয় শিৱসাগৰ আৰক্ষীৰ পাঁচ জোৱান ।
শিৱসাগৰ আৰক্ষীৰ দৌৰাত্ম্য শিৱ দলৰ কাষত এজন সহকাৰী উপ পৰিদৰ্শকক লৈ যানবাহন তালাচীত বহিছিল আৰক্ষীৰ এটা দল । কিন্তু এখন বাইকত অহা দুজন যুৱকক ৰ'বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও বাইকখন পাৰ হৈ যোৱাত বেতেৰে যুৱক দুজনৰ মূৰত প্ৰহাৰ কৰে এজন আৰক্ষী জোৱানে। যাৰ ফলত থিতাতে বাগৰি পৰে দুয়োজন যুৱক । ইপিনে যুৱক দুজনৰ অভিযোগমতে আৰক্ষীয়ে বেতেৰে প্ৰহাৰ কৰিয়ে ক্ষান্ত নাথাকি বুকু আৰু পেটত প্ৰচণ্ড গোৰ সোধায় ।পাচত ৰাইজে উগ্ৰমূৰ্তি ধাৰণ কৰাত আৰক্ষী জোৱানকেইজনে নিজৰ ভুল স্বীকাৰ কৰিবলৈ বাধ্য হয়।