আমগুৰি,১৬ ফেব্ৰুৱাৰী:নিৰ্বাচন অহাৰ লগে লগে ৰাজ্যৰ বিধায়কসকল নিজ নিজ সমষ্টিত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে তৎপৰ হোৱা দেখা গৈছে । এইবাৰ শিৱসাগৰৰ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই উদ্বোধন কৰে খেলপথাৰ উন্নয়নৰ আঁচনি । মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম যুৱ বিকাশ অভিযানৰ জৰিয়তে নিৰ্মিত জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ উন্নয়নৰ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে । উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে আমগুৰি সমষ্টিৰ মুঠ পাঁচখন খেলপথাৰ উন্নয়নৰ বাবে এক কোটি টকাৰ পুঁজি ধায্য কৰা হৈছিল ৷ তাৰে ২০ লাখ পুঁজি ব্যয়েৰে জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনৰ প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ খেলপথাৰখন উদ্বোধন কৰি বিধায়ক প্ৰদীপ হাজৰিকাই গ্ৰামাঞ্চলৰ বহু প্ৰতিভাৱান খেলুৱৈ যাতে ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰে তাৰ বাবেই এনে আঁচনি চৰকাৰে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷
আমগুৰিত সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত খেলপথাৰ উদ্বোধন - আমগুৰিত সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত খেলপথাৰ উদ্বোধন
মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম যুৱ বিকাশ অভিযানৰ জৰিয়তে নিৰ্মিত জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ উন্নয়নৰ উদ্বোধন কৰে বিধায়ক প্ৰদীপ হাজৰিকাই ।
আমগুৰিত সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত খেলপথাৰ উদ্বোধন
অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়খনৰ অধ্যক্ষই উন্নত খেলুৱৈৰ সৃ্ষ্টিৰ বাবে চৰকাৰী আঁচনিৰ শলাগ লয় আৰু অনুদিত পুঁজিৰ বাকী অংশ মুকলি হ’লেই খেলপথাৰখনৰ অৰ্ধসমাপ্ত কামখিনি সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে ৷ উদ্বোধনী অনুষ্ঠানৰ পিছতে জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় আৰু খেলখন উদ্বোধন কৰে চিত্তৰঞ্জন গগৈয়ে ৷
লগতে পঢ়ক:প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ