শিৱসাগৰ, 9 জুলাই : ঘৰৰ বাহিৰলৈ ওলালেই প্ৰচণ্ড ৰ’দ অথবা বাহিৰৰ খাদ্যৰ সৈতে আপুনি প্ৰায়েই ব্যৱহাৰ কৰে পেকেজিং খোৱা পানী(packaged drinking water) ৷ সাধাৰণ পানীতকৈ বিশুদ্ধ বুলি বহুলভাৱে সমাদৃত পেকেজিং খোৱা পানী সম্পৰ্কত শেহতীয়াকৈ শুকুৰবাৰে পোহৰলৈ আহিল এক বিস্ফোৰক ছবি ৷ শিৱসাগৰত বেআইনী ভাৱে কোনো নথি পত্ৰ বিহীনভাৱে চলি থকা পেকেজিং খোৱা পানী উদ্যোগৰ বিৰুদ্ধে শুকুৰবাৰে শিৱসাগৰ জিলা প্ৰশাসনে চলালে মাৰাথান অভিযান । জিলাখনত কাঠফুলাৰ দৰে বাঢ়ি অহা কেইবাটাও উদ্যোগ ছীল কৰিলে জিলা প্ৰশাসনে ।
উপযুক্ত প্ৰমানপত্ৰ তথা খোৱা পানীৰ উদ্যোগ স্থাপনৰ বাবে অনুৰূপ পৰিৱেশ নথকাৰ পাছতো চলি আছে এনে উদ্যোগ ৷ ইয়াৰ বিৰুদ্ধে প্ৰশাসন তথা খাদ্য আৰু অসামৰিক যোগান বিভাগে দীৰ্ঘ সময় ধৰি লাভ কৰি আহিছিল বহু ওজৰ আপত্তি ৷ ৰাইজৰ ওজৰ আপত্তি সমূহৰ প্ৰতি ধ্যান দি প্ৰশাসন তথা খাদ্য বিষয়াই চলোৱা অভিযানত পোহৰলৈ আহিছে জনস্বাস্থ্য সম্পৰ্কীয় বহু ভয়ংকৰ বিষয় ৷ অৱশ্যে, জিলা প্ৰশাসনে জনোৱা মতে, এই অভিযান অব্যাহত আছে আৰু সম্প্ৰতি 7 টাকৈ উদ্যোগ চীল কৰিছে প্ৰশাসনে ৷