শিৱসাগৰ, 3 ফেব্ৰুৱাৰী : ৰাজ্যত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান (Child Marriage in Assam)৷ সামাজিক ব্যাধি বাল্যবিবাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰখনে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে (Operation against Child marriage) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰঠোৰ নিৰ্দেশনা প্ৰদানৰ পিচতেই তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷
নাবালিকাক বিয়া পতা স্বামী তথা পৰিয়ালৰ বিৰুদ্ধে ৰাজ্যখনৰ আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰম নহয় শিৱসাগৰ আৰক্ষীও । শিৱসাগৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলায় । ওৰেটো নিশা চলোৱা এই অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় কেইবাগৰাকীও নাবালিকাৰ স্বামীক ৷ শিৱসাগৰ নগৰৰ সমীপৰ অৰ্জুনগুৰিৰ পৰা আটক কৰা হয় মনমোহন চুংক্ৰাং (২৩) নামৰ যুৱকজনক । যুৱকজনৰ স্থায়ী ঘৰ ঢকুৱাখনাৰ ঘিলামৰাত বুলি জানিবলৈ পৰা গৈছে (Operation against Child marriage in Sivasagar) ।
যুৱকজনৰ লগতে শহুৰ এলেন দ'লে আৰু ৰেণুমাই দ'লেক আটক কৰে আৰক্ষীয়ে । একেধৰণে নাবালিকাক বিয়া পতা বিন ৱাহিদ লস্কৰৰ পিতৃ-মাতৃ আলাউদ্দিন লস্কৰ আৰু চোৱাৰেন নিচা লস্কৰৰ লগতে শহুৰ ইছমাইল আলীকো আটক কৰে শিৱসাগৰ আৰক্ষীয়ে । স্বামী বিন ৱাহিদ লস্কৰৰ ঘৰ কৰিমগঞ্জত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । শিৱসাগৰৰ অৰ্জুনগুৰিত ভাড়াতীয়া হিচাপে পৰিয়াল সহ আছিল বিন ৱাহিদ ৷ বৰ্তমান পলাতক অৱস্থাত আছে বিন ৱাহিদ ।