শিৱসাগৰ, 14 মে':শিৱসাগৰত পুনৰ প্ৰতিবাদত নামিল অ এন জি চিৰ "পূৰ্বাঞ্চল এমপ্লইজ এছচিয়েচনৰ" সদস্য সকল ৷ উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে, অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ 50% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰে বিৰোধিতা কৰি মঙলবাৰে কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
শিৱসাগৰত অ এন জিচিৰ "পূৰ্বাঞ্চল এমপ্লইজ এছচিয়েচনৰ" প্ৰতিবাদ - গেলেকী তৈলক্ষেত্ৰ
অ এন জি চি অসম সম্পদৰ গেলেকী তৈলক্ষেত্ৰ, ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াক লৈ কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ ফলত অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অ এন জি চিৰ কাম কাজ সংকুচিত হৈ পৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিব ৷ ইপিনে 50 শতাংশ খাৰুৱা তেল উৎপাদন হোৱা গেলেকী তেল পথাৰ খনক বিদেশী কোম্পানীক গটাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ যাৰ ফলত অ এন জি চি "পূৰ্বাঞ্চল এচোচিয়েচনৰ সদস্য সকল" উদ্বিগ্ন হৈ পৰে ৷ আৰু এই সিদ্ধান্তৰ বিৰোধিতা কৰি মঙলবাৰে অ এন জি চিৰ কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ আৰু কোনো কাৰণতে গেলেকী তৈলক্ষেত্ৰ বহিৰাগত কোম্পানীক গটাই দিয়া নহ'ব বুলি দাবী হুংকাৰ দিয়ে "পূৰ্বাঞ্চল ৱৰ্কাচ এচচিয়েচনৰ" বিষয়ববীয়া সকলে ৷ উল্লেখ্য যে বিগত 4 আৰু 9 মে' তাৰিখে অ এন জি চিৰ কৰ্মচাৰীসকলে এই সন্দৰ্ভত, নাজিৰা আৰু শিৱসাগৰ অ এন জি চিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সেয়ে ইয়াৰ পাচতো যদি অ এন জি চিয়ে এই সিদ্ধান্ত বাতিল নকৰে তেনেহলে পৰৱৰ্তী সময়ত আৰু অধিক আন্দোলন গঢ়ি তুলিব বুলি জনাই কৰ্মচাৰীসকলে ৷