অসম

assam

ETV Bharat / state

ডিমৌৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পীলৈ চৰকাৰৰ এককালীন সাহায্য প্ৰদান - অনাতাঁৰ শিল্পী

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সাহায্য ঘোষণাৰ পাচতে অনাতাঁৰ শিল্পী মুকুল খনিকৰক প্ৰদান কৰা হয় চৰকাৰৰ এককালীন সাহায্য ৷

ডিমৌৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পী
ডিমৌৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পী

By

Published : Aug 17, 2020, 1:52 PM IST

শিৱসাগৰ, 17 আগষ্ট: ডিমৌৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পীলৈ প্ৰদান চৰকাৰৰ এককালীন সাহায্য ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সাহায্য ঘোষণাৰ পাচতে অনাতাঁৰ শিল্পী মুকুল খনিকৰক প্ৰদান কৰা হয় চৰকাৰৰ এককালীন সাহায্য ৷ উল্লেখ্য যে, 70 ৰ দশকত ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰত টোকাৰী গীত পৰিবেশন কৰা প্ৰথম গৰাকী শিল্পী মুকুল খনিকৰৰ বৰ্তমান বয়স ৮২ বছৰ ৷ ৰোগশয্যাত থকা শিল্পীগৰাকীয়ে হাতত চেলাইনৰ কেন্দুলা লৈয়ো কিন্তু বাদ দিয়া নাই নিজৰ সাধনা ৷

ডিমৌৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পীলৈ চৰকাৰৰ এককালীন সাহায্য প্ৰদান

ইয়াৰ পূৰ্বেও শিল্পী গৰাকীয়ে চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰিছিল যদিও, পুনৰ ৫০ হাজাৰ টকাৰ সাহায্য লাভ কৰি তেওঁ আনন্দিত হ'লেও প্ৰকাশ কৰিলে দুখ ৷ নিয়মিত শিল্পী পেঞ্চন লাভ নকৰাৰ বাবে শিল্পী গৰাকীয়ে দুখ প্ৰকাশ কৰে সংবাদ মাধ্যমযোগে ৷ শিল্পী পেঞ্চন লাভ কৰাহেতেন তেওঁ আৰু অধিক সুখী হ'লহেতেন বুলি জানিবলৈ দিয়ে ৷ তেখেতৰ গুণমুগ্ধ সকলেই প্ৰদান ব্যক্ত কৰিলে একেই মত ৷ একে গৰাকী শিল্পীৰ দুবাৰকৈ এককালীন সাহায্য প্ৰদান কৰাতকৈ নিয়মীয়া শিল্পী পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰাটো অধিক প্ৰয়োজন বুলি মত প্ৰকাশ কৰে নাট্য সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

লগতে পঢ়ক:ভাওনা সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহায্য

ABOUT THE AUTHOR

...view details