অসম

assam

ETV Bharat / state

শিৱসাগৰত CAA বাতিলৰ দাবীৰে আজিও প্ৰতিধ্বনিত প্ৰতিবাদী কন্ঠ - নাগৰিকত্ব সংশোধনী আইন

CAA বাতিলৰ দাবীৰে শিৱসাগৰত ৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

প্ৰতিধ্বনিত প্ৰতিবাদী কন্ঠ
প্ৰতিধ্বনিত প্ৰতিবাদী কন্ঠ

By

Published : Jan 17, 2020, 2:15 PM IST

শিৱসাগৰ, 17 জানুৱাৰীঃশিৱসাগৰত আজিও প্ৰতিধ্বনিত হ'ল CAAবাতিলৰ দাবীৰে একাংশ জনতাৰ প্ৰতিবাদী কন্ঠ ৷ সদৌ অসম মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত, 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে ৷ জাতি ধ্বংসী অভিহিত আইনখন শীঘ্ৰে বাতিলৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে মৰিয়া যুৱ-ছাত্ৰ পৰিষদে ৷ বিভিন্ন দল-সংগঠনৰ সদস্যৰ উপস্থিতিত সকলোৱে সমস্বৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায় ৷

CAA বাতিলৰ দাবীৰে শিৱসাগৰত প্ৰতিবাদ

ইয়াৰোপৰি অন্যান্য জনগোষ্ঠীৰ লগতে মৰিয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, মৰিয়া উন্নয়ণ পৰিষদ পুনৰ গঠন, মৰিয়া জাতিগত প্ৰমাণপত্ৰৰ নৱীকৰণ, মৰিয়া-গৰিয়া-দেশী-জলহা সকলৰ সুকীয়া জৰিপ আৰু এই সকলৰ বাবে চৰকাৰে ঘোষণা কৰা উন্নয়ণ নিগমক ১০০ কোটি টকা আৱণ্টন দি এই সকলৰ উন্নয়ণ নিশ্চিত কৰা দাবী সম্বলিত স্মাৰকপত্ৰ এখনো প্ৰেৰণ কৰে চৰকাৰলৈ

লগতে পঢ়কঃবিহালীত বিজেপিত যোগদান মূৰৰ কামোৰণি হৈছে কংগ্ৰেছ দলৰ

ABOUT THE AUTHOR

...view details