আমগুৰি, ১৮ জুলাই : এতিয়া শাওন মাহ, ভৰ বাৰিষা ৷ এফালে খেতিৰ ভৰপক সময় আনফালে বানৰ বিভীষিকা ৷ তথাপিতো বছৰটোৰ ভাত মুঠি যোগাৰৰ বাবে খেতিত ধৰিছে অসমৰ কৃষকে ৷ পৈত্ৰিক পৰম্পৰা অখুন্ন ৰাখি পুত্ৰ-বোৱাৰী সহিতে পথাৰত নামিল এগৰাকী বিধায়ক ৷
ভূঁই ৰোৱাত ব্যস্ত প্ৰদীপ হাজৰিকা আমগুৰিৰ জালুক গাঁৱৰ পথাৰত দেখা গ'ল সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকাক ৷ ৬ বিঘা ৰোৱাতি মাটিত শনিবাৰে ন-ভূঁই পাতে বিধায়ক হাজৰিকাই । নিজে মৈ টানি, পথাৰৰ আলি দি আনকি পথাৰত কঠীয়া ৰুই ৰোৱনীসকলক উৎসাহ যোগাইছে বিধায়কগৰাকীয়ে ।
একাঁঠু বোকাত ভূঁই ৰুলে বিধায়কৰ বোৱাৰীয়ে গ্ৰাম্য সমাজত ন-ভূঁই পতা পৰম্পৰা ক্ৰমান্বয়ে হেৰাই যোৱা সময়তে বিধায়ক প্ৰদীপ হাজৰিকাই নিজৰ পৰিয়ালৰ মাজত এই পৰম্পৰা হেৰাই যাবলৈ দিয়া নাই ৷ বিধায়ক হাজৰিকাৰ লগতে পুত্ৰ সুদৰ্শন হাজৰিকা আৰু বোৱাৰীয়েকেও ন-ভূঁইত সহায় কৰিছে । পুত্ৰ-বোৱাৰী সহিতে পথাৰত নামিল বিধায়ক প্ৰদীপ হাজৰিকা পূৰ্বপুৰুষৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি বিধায়ক হাজৰিকাই সৰুৰেপৰা কৃষিকৰ্মৰ লগত জড়িত হৈ পুনৰ নিজ পুত্ৰ আৰু বোৱাৰীকো কৃষিৰ লগত জড়িত কৰাইছে ।
লগতে পঢ়ক :হিমন্তক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই