শিৱসাগৰ, 2 মে’ :শিৱসাগৰৰ শিৱদৌলৰ প্ৰাংগণত সোমবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বৃহৎ যোগাভ্যাস কাৰ্যসূচী অনুষ্ঠিত(National level yoga programme in Sivsagar) হয় । আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান সহযোগত আয়োজন কৰা এই কাৰ্যসূচী পুৱা ৬ বজাৰ পৰা আৰম্ভ হয় ।
৬ বজাৰ পৰা ৬.২৫ মিনিটৰ ভিতৰত যোগত অংশগ্ৰহণ কৰাসকলক একত্ৰিত হোৱাৰ পাছত নিমন্ত্ৰিত অতিথিসকলে আসন গ্ৰহণ কৰে ৷ ইয়াৰ পিছতে পৰিৱেশন কৰা হয় জাতীয় সংগীত ৷ কাৰ্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰে আয়ুষ মন্ত্ৰণালয়ৰ সচিব প্ৰমোদ কুমাৰ পাঠকে । কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal participates in national level yoga programme), ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপৰি অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু তথা অৰুণাচল আৰু ছিকিমৰ স্বাস্থ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰাৰ লগতে বহু সাংসদ-বিধায়ক উপস্থিত থাকে ।