অসম

assam

ETV Bharat / state

সংবাদমেল পাতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ -2019 ৰ বিৰোধীতা চিকিৎসা সংস্থাৰ - চিকিৎসা সংস্থা

কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ নতুন নিয়মক কঠোৰ সমালোচনা ভাৰতীয় চিকিৎসা সংস্থা আৰু অসম চিকিৎসা সেৱা সংস্থাৰ

সংবাদমেল পাতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ -2019 ৰ বিৰোধীতা চিকিৎসা সংস্থাৰ

By

Published : Aug 7, 2019, 10:38 PM IST

শিৱসাগৰ,7 আগষ্ট : শিৱসাগৰত চিকিৎসা সংস্থাৰ সংবাদমেল ৷ কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ নতুন নিয়মক কঠোৰ সমালোচনা ভাৰতীয় চিকিৎসা সংস্থা আৰু অসম চিকিৎসা সেৱা সংস্থাৰ ৷ বুধবাৰে শিৱসাগৰত সংবাদ মেল পাতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ-2019 বিধেয়কখনত উল্লিখিত কেতবোৰ দফাৰ ঘোৰ বিৰোধিতা কৰে সংগঠন দুটাই ৷ ২৯ জুলাইত সংসদৰ অধিৱেশনত গঠন কৰা হৈছিল এই আয়োগখন ৷ আয়োগৰ ৩২ দফাত চিকিৎসা বিজ্ঞানৰ শিক্ষা ব্যৱস্থাটোক তৰলীকৰণ কৰাৰ বিৰোধিতা সংবাদ মেলত ৷ আনুষ্ঠানিক চিকিৎসা শিক্ষা গ্ৰহণ নকৰা একাংশ লোকক চিকিৎসা প্ৰদানৰ বিধিগত অনুমতি প্ৰদান কৰা হব বুলি বিল খনত উল্লেখ থকাৰ লগতে জৰুৰীকালীন সেৱা, লেবাৰ ৰূম,অস্ত্ৰোপচাৰ কক্ষতো অনুমতি প্ৰাপ্ত সকলে চিকিৎসা কৰিব পাৰিব বুলি কোৱা হৈছে ৷ ইয়াৰোপৰি বিল খনৰ বহুকেইটা আঁসোৱাহৰ বিৰুদ্ধিতা কৰে প্ৰতিবাদ চিকিৎসক সংগঠন দুটাৰ ৷ জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধে লব বিচৰা বিধেয়কখনৰ জনবিৰোধী দফা সমূহ সংশোধন নকৰিলে আন্দোলনৰ পথ লব বুলি ঘোষণা সংগঠন দুটাৰ ।

সংবাদমেল পাতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ -2019 ৰ বিৰোধীতা চিকিৎসা সংস্থাৰ

ABOUT THE AUTHOR

...view details