শিৱসাগৰ,14 জানুৱাৰী: আজি ভোগৰ উৎসৱ ভোগালী ৷ পৰম্পৰা অনুসৰি উৰুকাৰ পৰৱৰ্তী দিনা অসমবাসীয়ে পালন কৰি আহিছে মাঘ বিহু ৷ তাৰ ব্য়তিক্ৰম নহ'ল শিৱসাগৰবাসীও ৷ শিৱসাগৰ নগৰৰ সমীপৱৰ্তী বৃহত্তৰ বাণমুখ অঞ্চলৰ মটক গোঁহাই গাঁওবাসী ৰাইজৰ উদ্যোগত আৰু বাণমুখ চানৰাইজ ক্লাবৰ উদ্যোগত পৃথকে পৃথকে আয়োজন কৰিছে ভোগৰ উৎসৱ ভোগালী ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি নিশা হাঁহ-মাহে সম্প্ৰীতিৰে ভেলাঘৰত এসাজ খাই সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ৰাতিপুৱা অগ্নি দেৱতাক পূজা কৰাৰ অৰ্থে মেজি জ্বলোৱা হয়।
মেজিৰ জুইৰ উত্তাপ ল'লে শিৱসাগৰবাসীয়ে - শিৱসাগৰৰ বাণমুখ অঞ্চল
পৰম্পৰা অনুসৰি অসমবাসীয়ে পালন কৰি আহিছে মাঘ বিহু ৷ নিশা হাঁহ-মাহে সম্প্ৰীতিৰে ভেলাঘৰত এখাজ খাই সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে উৰুকাৰ পাচদিনা মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰি আহিছে অসমবাসীয়ে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰৰ ৰাতিপুৱা শিৱসাগৰৰ বাণমুখ অঞ্চলত মেজি ঘৰৰ বাকৰিত স্থানীয় ৰাইজ উপস্থিত হৈ বছৰটোৰ বাবে সমাজৰ পৰা অপায় অমঙ্গল, অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনা কৰি গায়ন বায়নৰ খোল-তালৰ মংগল ধ্বনিৰ মাজত ভকতসকলে ভগৱানৰ ওচৰত সেৱা লৈ মেজি জ্বলায়। মেজিৰ জুইয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশ কৰাৰ লগতে মানৱ জাতিৰ কল্যাণ কামনাৰ বাবে ভগৱানে যাতে আশীৰ্বাদ দিয়ে, এই আশাৰে মেজিৰ জুইৰ উত্তাপ লয় শিৱসাগৰৰ বাণমুখবাসী ৰাইজে।
লগতে পঢ়ক:বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ