শিৱসাগৰ, 23 নৱেম্বৰ : 'বনবাসীৰ পৰা 'দোকমোকালি' লৈ, এক দীঘলীয়া সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ আজি 89 সংখ্যক জন্মবাৰ্ষিকী ৷ 1933 চনত আজিৰ দিনটোতে শিৱসাগৰ নগৰৰ ধাই আলিত জন্ম লাভ কৰিছিল অসমীয়া সাহিত্যৰ অন্যতম মাইলৰ খুঁটি গৰাকী ৷ জন্মদিনৰ এই বিশেষ দিনটোতে প্ৰকাশ পাব সাহিত্যিকগৰাকীৰ ৰচনাৱলীৰ দ্বিতীয় আৰু তৃতীয় খণ্ড ৷
মঙলবাৰে বিয়লি শ্বাহৰ ধাই আলিৰ বাসগৃহত জন্মদিনৰ অনুষ্ঠানতে এই ৰচনাৱলী পাঠক সমাজৰ হাতত তুলি দিয়া হ’ব ৷ এই ৰচনাৱলী প্ৰকাশ কৰি উলিয়াইছে অভিজাত প্ৰকাশন সংস্থা 'কথা'ই ৷ ইয়াৰ উপৰিও এই অনুষ্ঠানতে শ্বাহৰ দ্বাৰা ৰচিত গ্ৰন্থ ‘উপকূল’ আৰু কবিতা সংকলন ‘আৰু বৰষুণ’ উন্মোচন কৰা হ’ব ৷
89 বছৰত ভৰি দিলে সাহিত্যিক ইমৰাণ শ্বাহে ঈষাণ দত্ত, বাবুল, অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা ইমৰাণ শ্বাহক অসম সাহিত্য উপত্যকা বঁটা, আজানপীৰ বঁটাৰে সন্মানিত কৰা হৈছে ৷ তেওঁৰ পৰিপুষ্ট চিন্তাধাৰাৰে সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানসেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জবানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহু কেইখন গ্ৰন্থই প্ৰাণ পাই উঠিছে ৷
সাহিত্যৰ ক্ষেত্ৰখনত তেওঁ আগবঢ়োৱা অৱদানৰ বাবেই ভাৰত চৰকাৰে তেওঁক 2021 চনৰ ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰিছে ৷ জন্মদিনৰ দিনটোত পুৱাৰে পৰা অজস্ৰ গুণমুগ্ধই তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও সাহিত্যিক গৰাকীক জন্মদিনৰ আন্তৰিক শুভেচ্ছাৰ লগতে দীৰ্ঘায়ু কামনা কৰিলো ৷
লগতে পঢ়ক:আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী