শিৱসাগৰ,১৬ মে': দীৰ্ঘদিন ধৰি শিৱসাগৰ নাজিৰাৰ লক্ষ্মীজান বিহুবৰ চাহ বাগিছাত সন্ত্ৰাস চলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী অৱশেষত পিঞ্জৰাবদ্ধ হয় বন বিভাগৰ হাতত ৷ চাহ বাগিছাখনত নাহৰফুটুকীটোৱে কেইবাজনো শ্ৰমিকক আক্ৰমণ কৰাৰ লগতে পোহনীয়া জীৱজন্তু ভক্ষণ কৰি সমগ্ৰ অঞ্চলটোতে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৷
শিৱসাগৰ নাজিৰাত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী - নাহৰফুটুকী
দীৰ্ঘদিন ধৰি নাজিৰাৰ লক্ষ্মীজান বিহুবৰ চাহ বাগিছাত সন্ত্ৰাস চলাই অহা প্ৰকাণ্ড নাহৰফুটুকীটো অৱশেষত পিঞ্জৰাবদ্ধ হয় বন বিভাগৰ হাতত ।
শিৱসাগৰ নাজিৰাত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী
এই সন্দৰ্ভত চাহ বাগিছাখনৰ পৰিচালকে বন বিভাগক অৱগত কৰাত বুধবাৰে বনবিভাগে বাগিছাখনত এটা পিঞ্জৰা পাতিছিল আৰু বৃহস্পতিবাৰে পুৱাই পিঞ্জৰাত সংস্থাপন কৰা এটা ছাগলী ভক্ষণ কৰিবলৈ আহি অৱশেষত পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো।