আমগুৰি, ৩ ডিচেম্বৰ:নেমু খেতিৰে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ দিখৌমুখৰ একাংশ খেতিয়কে (Elephant menace stopped due to lemon plantation) ৷ নিশাৰ ভাগত খেতিয়কৰ কৃষি ভূমিত প্ৰৱেশ কৰি প্ৰত্যেক বছৰে কৃষকৰ উৎপাদিত ফচল খোৱাৰ লগতে নষ্ট কৰি আহিছিল বনৰীয়া হাতীৰ জাকে ৷ হাতীৰ উপদ্ৰৱৰ বাবে বছৰ বছৰ খেতি কৰিব পৰা নাছিল দিখৌমুখৰ স'ৰাগুৰি চাপৰিৰ খেতিয়ক সকলে ৷
কিন্তু যোৱা তিনি বছৰে নেমু খতিৰ জৰিয়তে হাতীৰ উপদ্ৰৱ কিছু পৰিমাণে হ্ৰাস কৰাৰ কথা সদৰী কৰিছে দিখৌমুখৰ খেতিয়ক সকলে ৷ পিছে কেনেকৈ দিখৌমুখৰ খেতিয়ক সকল নেমু খেতিৰ জৰিয়তে ৰোধ কৰিছে হাতীৰ উপদ্ৰৱ ? কৃষক সকলে সাংবাদিকৰ আগত সদৰী কৰা মতে, কৃষি ভূমি চাৰিওফালে কৃষক সকলে স্থাপন কৰিছে নেমু বাগিছা ৷
নেমু খেতিৰে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ লগতে পঢ়ক :Traffic Rules Violation in Dibrugarh : আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ডিব্ৰুগড় পৰিবহন বিভাগ
কৃষি ভূমিৰ চাৰিওফালে তিনিতৰপীয়াকৈ নেমু পুলি ৰুই উৎপাদিত ফচল বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিব বাবে ব্যৱস্থা গ্ৰহণ কৰিছে খেতিয়ক সকলে ৷ কৃষি ভূমি চাৰিওফালে নেমু গছ থাকিলে কৃষি ভূমিত বনৰীয়া হাতী প্ৰৱেশ কৰিব নোৱাৰে ৷ এতিয়া নেমু গছেৰে কৃষি ভূমিৰ সুৰক্ষা ব্যৱস্থা কৰি বিভিন্ন শস্যৰ খেতি কৰিবলৈ সক্ষম হৈছে বুলি সদৰী কৰিছে কৃষক সকলে ৷
তদুপৰি নেমু বাগিচাৰ পৰা নেমু বিক্ৰী কৰিও আৰ্থিকভাৱে লাভাম্বিত হোৱাৰ কথা প্ৰকাশ কৰিছে দিখৌমুখৰ খেতিয়ক সকলে ৷ অসমৰ যি সমূহ অঞ্চলৰ খেতিয়ক সকলে প্ৰায়ে হাতী উপদ্ৰৱৰ সন্মুখিন হৈ আহিছে বা বন্যহস্তীৰ উপদ্ৰৱৰ বাবে খেতি কৰিব পৰা নাই সেই খেতিয়ক সকলৰ বাবে দিখৌমুখৰ খেতিয়ক সকলে এক নিদৰ্শন দাঙি ধৰিছে ৷
সাংবাদিকৰ প্ৰশ্ন উত্তৰত দিখৌমুখৰ খেতিয়ক সকলে কয়, নেমু গছ যদি আমি খেতিপথৰাৰ চাৰিওফালে ৰুব পাৰো বা নেমু গছৰ জৰিয়তে খেতিপথাৰৰ চাৰি সীমাত বেৰা দিয়াৰ দিয়া ব্যৱস্থা কৰি হাতী উপদ্ৰৱ ৰোধ কৰিব পাৰি ৷ কিয়নো নেমু গছজোপা অত্যাধিক কাঁইটীয়া আৰু জোপোহা হোৱাৰ বাবে সহজে খেতি পথাৰত প্ৰৱেশ কৰিব নোৱাৰে বন্যহস্তী ৷
লগতে পঢ়ক :Elephant Stuck in Pond at Goalpara : গোৱালপাৰাত পুনৰ বোকাত আৱদ্ধ ৬ টা বন্যহস্তী