শিৱসাগৰ, 17 ফেব্ৰুৱাৰীঃ ৰাজ্যত আজিও অন্ত পৰা নাই নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ এই আইনৰ বিৰুদ্ধে শিৱসাগৰত বাওঁ গণতান্ত্ৰিক মঞ্চই সাব্যস্ত কৰে প্ৰতিবাদ ৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহিল বাওঁ গণতান্ত্ৰিক মঞ্চৰ শতাধিক কৰ্মী ৷ নাগৰিকত্ব সংশোধনী আইনৰ তথা ৰাষ্ট্ৰীয় সম্পদসমূহৰ ব্যক্তিগতকৰণৰো তীব্ৰ বিৰোধিতা প্ৰতিবাদকাৰীসকলৰ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিজেপি মানেই দেশ নহয় আৰু মনুস্মৃতি মানেই সংবিধান নহয় ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷
বিজেপি মানেই দেশ নহয় আৰু মনুস্মৃতি মানেই সংবিধান নহয়ঃ বাওঁ গণতান্ত্ৰিক মঞ্চ - আছু উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য
শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহিল বাওঁ গণতান্ত্ৰিক মঞ্চৰ শতাধিক কৰ্মী ৷ নাগৰিকত্ব সংশোধনী আইনৰ তথা ৰাষ্ট্ৰীয় সম্পদসমূহৰ ব্যক্তিগতকৰণৰো তীব্ৰ বিৰোধিতা প্ৰতিবাদকাৰীসকলৰ ৷
আনহাতে প্ৰতিবাদকাৰীসকলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যক সমালোচনাৰ লক্ষ্য কৰি লৈ ভট্টাচাৰ্যই ‘কা’ বিৰোধী শক্তিক একত্ৰিত হোৱাটো নিবিচাৰে বুলি কটাক্ষ কৰে ৷ লুৰিণজ্যোতি গগৈয়েহে প্ৰকৃত জাতীয়তাবাদী চিন্তাৰে ‘কা’ৰ বিৰোধিতা কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই বাওঁ গণতান্ত্ৰিক মঞ্চৰ নেতৃবৰ্গই ৷ এই তিনিঘন্টীয়া অৱস্থানৰ পিছত শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ ছয় দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে বাওঁ গণতান্ত্ৰিক মঞ্চই ৷
আৰু পঢ়কঃবিদ্যালয়ৰ ভিতৰত ছাত্ৰৰ আত্মহত্যাক লৈ নগাঁৱত প্ৰতিবাদ